জম্মু-কাশ্মীৰৰ ডোডাত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ,শ্বহীদ ৪জনকৈ সেনা জোৱান

নিউজ ডেক্স, ১৬ জুলাইঃ
সেনা-সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত ৪গৰাকী সেনা জোৱান শ্বহীদ হল। জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ জোৱানকেইগৰাকী ৷ জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হৈছে এই ঘটনা। ভাৰতীয় সেনাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপে (এছঅ’জি) যৌথভাৱে সোমবাৰে সন্ধিয়া ডোডা জিলাৰ দেশা জংগল অঞ্চলত তালাচী অভিযান চলাইছিল। এজন আৰক্ষী বিষয়াই জনায়, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান। সেই অঞ্চলত সন্ত্ৰাসবাদীৰ দল লুকাই থকাৰ খবৰ আছিল।
খবৰ অনুসৰি, তালাচী অভিযানৰ সময়ত অতৰ্কিতে সেনা বাহিনীৰ দিশে ধাৰাসাৰ গুলীবৰ্ষণ কৰা হয়। প্ৰত্যুত্তৰ দিয়ে সেনা বাহিনীয়েও। দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা হয়। ২০ মিনিটৰো অধিক সময় ধৰি চলে এই গুলীচালনাৰ ঘটনা। সোমবাৰে নিশা প্ৰায় ৯ বজাত সন্ত্ৰাসবাদীৰে মুখামুখি সংঘৰ্ষত এজন সেনা বিষয়াসহ ৪ সেনা জোৱান আহত হৈছিল আৰু আহত সেনাজোৱানকেইগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু খবৰ অনুসৰি চিকিৎসাৰ সময়ত ৪ জোৱানে মৃত্যুক আঁকোৱালি লয়। এতিয়াও সেনাৰ অভিযান অব্যাহত আছে অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে।