National

ছাত্ৰ বিক্ষোভত উত্তাল বাংলাদেশ! চৰকাৰী চাকৰিত কোটা বিৰোধী ছাত্ৰ আন্দোলনে লৈছে ভয়ংকৰ ৰূপ

নিউজ ডেক্স, ২০ জুলাইঃ

ছাত্ৰ বিক্ষোভত উত্তাল বাংলাদেশ ৷ বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে। নিহতৰ সংখ্যা বাঢ়ি হৈছেগৈ ১০৫ জন! দেশখনত ছাত্ৰ আৰু চৰকাৰী বাহিনীৰ সংঘৰ্ষই তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে শুকুৰবাৰে চুয়াডাংগাৰ দৰ্শনা তালাচী চকী হৈ দেশলৈ উভতিল বহু ভাৰতীয় শিক্ষার্থী। বাংলাদেশৰ ঠায়ে ঠায়ে ইণ্টাৰনেট সেৱা কৰ্তন। সংৰক্ষণ বিৰোধী ছাত্ৰৰ সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী। উল্লেখযোগ্য যে চৰকাৰী চাকৰিত কোটা বিৰোধী ছাত্ৰ আন্দোলনে লৈছে ভয়ংকৰ ৰূপ লৈছে বাংলাদেশ। এনে পৰিপ্ৰেক্ষিতত সমগ্র দেশতে আন্দোলনকাৰী ছাত্ৰৰ সৈতে আৰক্ষীৰ প্ৰচণ্ড সংঘৰ্ষৰ সূত্রপাত ঘটিছে।
ইয়াৰ মাজতেই সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে বাংলাদেশলৈ পঢ়িবলৈ যোৱা ছাত্ৰ৷ শুকুৰবাৰে নিশাৰে পৰা বাংলাদেশত যিহেতু কাৰফিউ জাৰি কৰা হৈছে সেয়ে ভাৰতীয় ছাত্ৰসকল এতিয়া সীমান্চ পাৰ হৈ ভাৰতলৈ উভতি আহিছে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে শিক্ষা প্ৰতিষ্ঠানসমূহ ৷ পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত বাংলাদেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থাকিব ৷ ইয়াৰোপৰি তেওঁ জনাইছে যে দেশজুৰি আইন শৃংখলা বজাই ৰাখিবলৈ সেনাবাহিনী নমোৱাৰো সিদ্ধান্ত লোৱা হৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button