Crime

চাঞ্চল্যকৰ ঘটনা! শোৱাপাটিতে গুলীয়াই হত্যা যুৱতীক

নিউজ ডেক্স, ১১ জুনঃ
ডিফুত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। সোমবাৰে নিশা শোৱাপাটিতে এগৰাকী যুৱতীক গুলিয়াই হত্যা কৰিলে দুৰ্বৃত্তই। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে কাৰ্বি আংলঙৰ ডিফুৰ ১২নং ৱাৰ্ডৰ আৰলং লাংছ’ত।এই ঘটনাই সমগ্ৰ কাৰ্বি আংলং জিলা খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
কলেজত পঢ়ি থকা দুই দুই ভগ্নীৰ সৈতে ডিফুৰ ১২নং ৱাৰ্ডৰ আৰলং লাংছ’ত বসবাস কৰিছিল শুকুৰি তিছ’পী নামৰ যুৱতীগৰাকীয়ে। ভাত-পানী খাই নিশা শুই থকা অৱস্থাতে অস্ত্ৰধাৰী দুই দুৰ্বৃত্তই ঘৰৰ সিন্ধি দি প্ৰৱেশ কৰিলে ভিতৰলৈ। তাৰ পাছত সিন্ধি দি প্ৰৱেশ কৰি যুৱতীগৰাকীক গুলিয়াই হত্যা কৰিলে। এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হল আৰক্ষী। মজিয়াত পৰি থকা মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে।যুৱতীগৰাকীৰ মৃত্যুৰ পাছত কান্দোনত ভাগি পৰিছে ভগ্নী।
এই ঘটনাক গৰিহণা তুলিৰাম ৰংহাঙৰ। দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী।। তথ্য অনুসৰি যুৱতীগৰাকী সন্দৰ্ভত সদৰি কৰিলে কেইটামান বিশেষ তথ্য। শুকুৰি তিছ’পী নামৰ যুৱতী গৰাকী পূৰ্বে বিবাহিত। এজন প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সৈতে বিবাহ হৈছিল শুকুৰি তিছ’পীৰ। তাৰ পাছতে হৈছিল বিচ্ছেদ। আৰক্ষীয়ে তদন্ত চলাই আছে যদিও এতিয়াও উদ্ধাৰ হোৱা নাই শুকুৰি তিছ’পীৰ হত্যাৰ কাৰণ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button