চাঞ্চল্যকৰ ঘটনা!প্ৰেম প্ৰত্যাখ্যানৰ বাবে যুৱতীক ছুৰীৰে হানি-খুঁচি হত্যাৰ চেষ্টা প্ৰেমিকৰ
নিউজ ডেক্স, ৩১ মে’
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এক ঘটনা ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহনগৰীৰৰ বেলতলাস্থিত আস্থা এপার্টমেন্টত। প্রেম প্রত্যাখ্যানৰ বাবে যুৱতীক ছুৰীৰে হানি-খুঁচি হত্যাৰ চেষ্টা অমিত ভৌমিক নামৰ এজন যুৱকৰ। যুৱকজনৰ আক্ৰমণত বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। অভিযোগ অনুসৰি, প্ৰেমৰ প্ৰস্তাৱ আৰু একেলগে নিশা কটোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল অতিত ভৌমিকে। সেই প্রস্তাৱ প্রত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলায় অমিত ভৌমিকে। যুৱতীগৰাকীৰ ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল অমিত ভৌমিকে। এই অভিযোগ কৰিছে যুৱতীগৰাকীৰ মাতৃৰ।
যুৱতীগৰাকী মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত। একে প্ৰতিষ্ঠানৰে সহকৰ্মী অমিত ভৌমিকে বিভিন্ন সময়ত প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱতীগৰাকীক। কিন্তু যুৱতীগৰাকীসে অমিতৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল। যাৰ বাবে বিভিন্ন সময়ত অমিতে যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ মাতৃ আৰু ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল।
এই সমগ্র ঘটনাক লৈ যুৱতীগৰাকীয়ে দুদিন পূর্বে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে। যাৰ ফলত আস্থা এপার্টমেন্টত থকা তৃতীয় মহলা যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলালে অমিতে।