নিউজ ডেক্স,২৭ মে’
উৎকট গৰমে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক। প্ৰচণ্ড গৰমত এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি। গৰমত উলাই যাবলৈ সমস্যাত ভুগিছে সাধাৰণ ৰাইজ। গুৱাহাটী মহানগৰীত বিগত কেইবাদিনত সৰ্বোচ্চ তাপমাত্ৰা৩৮,৩৯, ৪০ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত পাৰাস্তম্ভ চুইছে। গ্ৰীষ্মৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে বজাৰত অভাৱনীয় হাৰত বাঢ়িব ধৰিছে শীতল পানীয়ৰ চাহিদা । বিশেষকৈ গৰমৰ দিনত মানুহে চাহ, কফি আদি সেৱন নকৰি ঠাণ্ডা, পানীয় আদি সেৱন কৰি ভাল পায়। ডাব নাৰিকলৰ পানী, কুঁহিয়াৰৰ ৰস, নেমুৰ ৰস, তৰমুজ আদিৰ চাহিদা বৃদ্ধি হৈছে। আৰু তাৰ সুৰ্ৱণ সুযোগ লৈছে এচাম ব্যৱসায়ীয়ে। গুৱাহাটীত তৰমুজৰ মূল্য দুগুণ বেছি হৈছে। বৰ্তমান প্ৰতিকেজি তৰমুজ ৪০ টকাকৈ বিক্ৰী কৰা উপৰিও মহানগৰীৰ বিভিন্ন ঠাইত খুচুৰা বিক্ৰেতা সকলে দাম অধিক বৃদ্ধি কৰিছে। কিছুদিন আগলৈকে প্ৰতি কেজি তৰমুজৰ মূল্য আছিল ২০ টকা। বৰ্তমান বিহাৰ, পশ্চিম বংগ, মহাৰাষ্ট্ৰত উৎপাদিত তৰমুজৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ।তেনে সময়তে অসমৰ থলুৱা কৃষকৰ বজাৰ দখল কৰিবলৈ উঠি পৰি লাগিছে বহিঃ ৰাজ্যৰ ব্যৱসায়ীসকল। তৰমুজৰ লগতে সমানে দাম বৃদ্ধি পাইছে ডাব নাৰিকলৰ পানীৰ। এটা নাৰিকলত ৫০-৬০ টকাকৈ বিক্ৰী হৈ আছে। গৰমৰ প্ৰকোপত চাহিদা বৃদ্ধিৰ ভৰত একাংশ ব্যৱসায়ীৰ নিজৰ মইমতালিৰ বাবে সমস্যাত ভুগিছে এতিয়া সাধাৰণ ৰাইজ।