গৌতম গম্ভীৰ হ’ব ভাৰতীয় দলৰ নতুন মুখ্য প্ৰশিক্ষক
নিউজ ডেক্স, ১০ জুলাইঃ
ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়। গৌতম গম্ভীৰক বাছনি কৰাৰ কথে ছচিয়েল মিডিয়াযোগে ঘোষণা কৰিলে বিচিচিআইৰ সচিব জয় শ্বাহে। ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল আইচিচি টি-২০ বিশ্বকাপৰ পিছত সমাপ্ত হোৱাৰ পিছৰ পৰা আৰু তেতিয়াৰ পৰা পদটো খালী হৈ আছিল। ৰাহুল দ্ৰাবিড়ে আৰু এবাৰ ভাৰতীয় দলৰ কোচ হিচাপে দায়িত্ব ল’ব বিচৰা নাই। তাৰ পিছৰে পৰা ভাৰতীয় দলৰ পৰৱৰ্তী কোচ হিচাপে নাম শুনা গৈছিল গৌতম গম্ভীৰৰ। টি-২০ বিশ্বকাপৰ সময়ত বিচিচিআইৰ তিনিজনীয়া ক্ৰিকেট উপদেষ্টা সমিতিয়ে গৌতম গম্ভীৰ আৰু ডব্লিউ ভি ৰমনৰ সাক্ষাৎকাৰ লৈছিল। যেতিয়া ধুমুহাৰ বাবে টীম ইণ্ডিয়া বাৰ্বাডোছত আবদ্ধ হৈ আছিল, জয় শ্বাহে স্পষ্ট কৰি দিছিল যে তেওঁ মুম্বাই ত উপস্থিত হোৱাৰ পিছত, সকলো পক্ষৰ সৈতে কথা পাতি ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ঘোষণা কৰা হ’ব।
জয় শ্বাহে ছচিয়েল মিডিয়াত পোষ্ট কৰি লিখিলে”ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰক আদৰণি জনাই মই অত্যন্ত আনন্দিত। আৰু গম্ভীৰে এই পৰিৱৰ্তন কাষৰ পৰা দেখিছে। কেৰিয়াৰত বহু ডাঙৰ দায়িত্ব চম্ভালিছে গম্ভীৰে। ভাৰতীয় ক্ৰিকেটক আগুৱাই নিবলৈ গম্ভীৰ উপযুক্ত ব্যক্তি বুলি মই আশা কৰো।’’
জয় শ্বাহে আৰু লিখিছে, ভাৰতীয় দলৰ সম্পৰ্কে পৰিষ্কাৰ ধাৰণা আছে গম্ভীৰৰ। তেওঁৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন থাকিব। ভাৰতীয় দলৰ কোচৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত গম্ভীৰৰ অভিজ্ঞতা আৰু দক্ষতা যথেষ্ট আছে।
গম্ভীৰ ভাৰতীয়ই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ত কলকাতা নাইট ৰাইডাৰ্ছ দলৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গম্ভীৰৰ নিৰ্দেশনাত কলকাতা নাইট ৰাইডাৰ্ছে এই ছিজনত আই পি এল খিতাপ জয় কৰাত সফল হৈছিল। এইটো কলকাতাৰ তৃতীয় আই পি এল ট্ৰফী আছিল। গৌতম গম্ভীৰে আগতে কলকাতা নাইট ৰাইডাৰ্ছক অধিনায়ক হিচাপে দুবাৰ চেম্পিয়ন কৰিছিল।