National

গামৰিন মাকাৰ সৈতে সংঘটিত শোকাৱহ ঘটনা

নিউজ ডেক্স, ১ আগষ্টঃ

তিনিচুকীয়াৰ লেখাপানীৰ উদয়পুৰত চাঞ্চল্যকৰ ঘটনা। ছেইণ্ট বল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যু। মৃত ছাত্ৰজন দশম শ্ৰেণীৰ গামৰিন মাকাত বুলি জানিব পৰা গৈছে। ছাত্ৰজনৰ ঘৰ লেখাপানী থানাৰ অন্তৰ্গত কুমচাইত। ছাত্ৰাবাসৰ বাৰান্দাত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ।

ছাত্ৰ জনৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।মৃত ছাত্ৰজনৰ হাত-ভৰি বন্ধা অৱস্থাত আছিল। অভিভাৱক তথা স্থানীয় ৰাইজে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

ঘটনাস্থলীৰ পৰা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। বিদ্যালয়খনৰ লগতে ছাত্ৰাবাসটোতো ছীল কৰি তলা ওলমাই দিছে আৰক্ষীয়ে।

দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে ছীল কৰি দিলে ছেইণ্ট পল বিদ্যালয়। বৰ্তমান বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা অধীক্ষক আৰু ছাত্ৰাবাসত থকা আটাইকেইজন ছাত্ৰক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে লেখাপানী আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button