খোৱা পানীৰ বাবে বন্যাৰ্তৰ হাহাকাৰখোৱা পানী নাপায় বানৰ পানীকে সেৱন বানাক্ৰান্তৰ

নিউজ ডেক্স, ৩ জুনঃ
নগাঁও জিলাৰ কচুৱাৰ বৃহৎ অঞ্চল এতিয়াও বানৰ কৱলত। নামকাহুন্দা, উপৰকাহুন্দা,ফাকলি, বালিছৰীয়া, কাজিৰঙা , দাপৰা,মিনাৰপাম ইত্যাদি গাৱৰ বন্যাৰ্তই নিজৰ ঘৰখনতে চাং পাতি বিগত চাৰিদিন ধৰি আৱদ্ধ হৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰা পৰিলক্ষিত হৈছে। সাংবাদিকৰ কেমেৰাই ঢুকি নোপোৱা নামকাহুন্দা গাৱৰ লোকে সাংবাদিকক ধন্যবাদ জনাই ব্যক্ত কৰিছে দুৰ্দশাৰ কথা। নিমখ ভাত দু-বেলা খাই কোনোমতে জীৱন ৰক্ষা বানাক্ৰান্তৰ। এটুপি খোৱা পানীৰ বাবেও কৰিছে হাহাকাৰ বানাক্ৰান্তসকলে। বানত দমকল বুৰ যোৱাৰ ফলত উপায়হীন হৈ সেৱন কৰিছে বানৰ পানী।
উল্লেখযোগ্য যে কপিলীৰ পানীয়ে তাণ্ডৱ চলোৱা বিগত চাৰিটাকৈ দিন নিজৰ ঘৰখনতেই চাংপাতি অতিবাহিত কৰা বন্যাৰ্তই বৰ্তমানে পানী কিছু পৰিমাণে কমিছে যদিও যাতায়ত কৰিব পৰা নাই। চৰকাৰী সাহাৰ্য নামত কেৱল চাউল আৰু ডালি পোৱাৰ কথা ব্যক্ত কৰিছে বন্যাৰ্তসকলে। ইফালে বিগত চাৰিটা দিনত কোনো চৰকাৰী লোকে সেই অঞ্চলৰ খৱৰ নোলোৱাৰ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্তয়ে।