খেলমাটি আৰক্ষী চকীৰ ৩জন আৰক্ষীৰ নিলম্বন প্ৰত্যাহাৰ

নিউজ ডেক্স, ২৫ মে’
২৩ মে’ত লখিমপুৰৰ খেলমাটি থানাত সংঘটিত হৈছে এক অঘটন। থানাৰ ভিতৰতে মৃত্যু হৈছিল আৰ্চভ আলি নামৰ এজন আচামীৰ ৷ আৰক্ষীৰ জিম্মাত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি৷ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী চকী আক্ৰমণ কৰিছিল একাংশই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চলাবলৈ বাধ্য হৈছিল ৷ এই ঘটনাৰ পিছতে ডিজিপি জি পি সিঙে ছচিয়েল মিডিয়াযোগে জানিবলৈ দিয়ে, খেলমাটি থানাৰ ICৰ লগতে কৰ্তব্যৰত আৰক্ষীক নিলম্বন কৰা হৈছিল। সমগ্ৰ ঘটনাৰ বাবে এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক তদন্তৰ দায়িত্ব দিয়া হৈছিল৷
মৃত আৰ্চভ আলীৰ মৰণোত্তৰ প্ৰতিবেদন অহাৰ পাছতে নিলম্বন প্ৰত্যাহাৰ IC দিপাংকৰ চাংমাই আৰু দুজন কনিষ্টবলৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মতে হৃদৰোগত মৃত্যু হৈছিল আৰ্চভ আলীৰ। টুইট যোগে এই ঘোষণা কৰে DGP জি পি সিঙে। থানা আক্রমণৰ ঘটনাৰে জড়িতৰ অভিযোগত ১৪জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷