খালী পেটত নহৰু খোৱাটো উপকাৰী নে অপকাৰী ? জানি লওক খোৱাৰ সঠিক পদ্ধতি

নিউজ ডেক্স, ২৩ আগষ্টঃ
নহৰু ঔষধি গুণত সমৃদ্ধ আৰু ই খাদ্যতো ব্যৱহাৰ হৈ আহিছে। খাদ্যৰ উপৰিও, ৰোগৰ চিকিৎসাৰ বাবে বহুতো পৰম্পৰাগত ঔষধত নহৰু ব্যৱহাৰ কৰা হৈছে। নহৰুক শৰীৰৰ বাবে এক অতি উপকাৰী খাদ্য বুলি গণ্য কৰা হয়। কিন্তু নহৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰি আপুনি জানেনে? নহৰুত আছে কেইবাটাও স্বাস্থ্য উপযোগী গুণ আৰু সেয়েহে এতিয়াও ইয়াক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়। বহুলোকে নহৰু খোৱাৰ সঠিক উপায় নাজানে। বহুলোকে নহৰু খোৱাৰ সঠিক উপায় নাজানে। নহৰু খালী পেটত খাব লাগে নে খাদ্যত যোগ দি খাব লাগে? জানি লওক
খালী পেটত নহৰু খোৱাটো আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়। মানুহে প্ৰতিৰাতি ৰাতিপুৱা ২-৩ কলি কেঁচা নহৰু চোবাই খাব লাগে। ই মানুহৰ হাড় আৰু পেটৰ লগত জড়িত সমস্যাৰ পৰা উপশম পোৱা যায় ৷ মানুহে দিনটোৰ বাবে যথেষ্ট শক্তি লাভ কৰিব পাৰে। এনে কৰিলে হজম উন্নত হ’ব পাৰে আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। খালী পেটত নহৰু খালে ইয়াৰ পুষ্টিবোৰ ভালদৰে শোষণ হ’ব পাৰে। ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী৷ পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয়৷
নহৰু ভালদৰে চোবাই বা গুৰি কৰি খালে ভাল , কিয়নো নহৰুৰ সক্ৰিয় যৌগবোৰে শৰীৰত ভালদৰে কাম কৰে। যদি আপুনি খালী পেটত নহৰু খাব নোৱাৰে, তেনেহ’লে আপুনি ইয়াক আপোনাৰ খাদ্য আৰু পানীয়ত অন্তৰ্ভুক্ত কৰিব পাৰে। অৱশ্যে, খালী পেটত নহৰু খালে কিছুমান লোকৰ পেটৰ বিষ, এচিডিটি বা গেষ্ট্ৰিক সমস্যা হ’ব পাৰে। কিছুমান লোকৰ নহৰুৰ প্ৰতি এলাৰ্জি থাকিব পাৰে। এনে লোকসকলে নহৰু পৰিহাৰ কৰিব লাগে আৰু যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, নহৰুত এণ্টিঅক্সিডেণ্ট থাকে, যি শৰীৰক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰে আৰু কোষবোৰ স্বাস্থ্যৱান ৰাখে। নহৰুৰ নিয়মীয়া ব্যৱহাৰে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰিব পাৰে আৰু ঋতুগত ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰিব পাৰে। নহৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। নহৰুৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে, যি শৰীৰৰ প্ৰদাহ আৰু বিষ হ্ৰাস কৰাত সহায় কৰিব পাৰে। বহুতো গৱেষণাত, নহৰুক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ও যথেষ্ট ভাল বুলি গণ্য কৰা হৈছে।