কোপা আমেৰিকা বিজয়ী আৰ্জেণ্টিনা,খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি
নিউজ ডেক্স, ১৫ জুলাইঃ
বিশ্বকাপৰ পিছত আৰু এটা ট্ৰফী জয় আৰ্জেণ্টিনাৰ। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবল দলৰ এতিয়া সৰ্বত্ৰ জয়জয়কাৰ। কলম্বিয়াক পৰাস্ত কৰি কোপা আমেৰিকা ট্ৰফী দখল কৰিলে আৰ্জেণ্টিনাই। ১২০ মিনিটৰ এখন ৰুদ্ধশ্বাস যুঁজ। মাৰ্টিনেজৰ গ’লত একেলেথাৰিয়ে দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকে জিকিলে আৰ্জেণ্টিনাই। মিয়ামী গাৰ্ডেনৰ হাৰ্ড ৰক ষ্টেডিয়ামত অনুষ্ঠিত হয় কোপা আমেৰিকাৰ ফাইনেল খেলখন। । য’ত লিয়নেল মেছিৰ দল আৰ্জেণ্টিনাই কলম্বিয়াক পৰাস্ত কৰি ১৬ সংখ্যক বাৰৰ বাবে এই খিতাপ দখল কৰিছে। চূড়ান্ত খেলখনত আৰ্জেণ্টিনাই ১-০ গ’লত জয়লাভ কৰে। আঘাত পোৱাৰ পিছত খেলপথাৰ ত্যাগ কৰিলেও মেছিয়ে বহি বহি বাহিৰৰ পৰাই খেল উপভোগ কৰি দেখিলে যে তেওঁৰ অবিহনেও যুঁজ দিবলৈ সাজু দল। খেলপথাৰ এৰিয়ে হুকহুকাই কান্দি উঠে মেছিয়ে।
প্ৰথমাৰ্ধত খেলখন আৰ্জেণ্টিনাতকৈ কলম্বিয়াৰ হাততহে আছিল। বহুবাৰ আক্ৰমণাত্মক চেষ্টা কৰিছিল যদিও গ’ল দিয়াত সফল হোৱা নাছিল কলম্বিয়া। অৱশ্যে আৰ্জেণ্টিনয়ো কেইবাবাৰো আক্ৰমণৰ চেষ্টা কৰিছিল। দ্বিতীয়াৰ্ধত বহু বেছি আক্ৰমণাত্মক খেলাৰ চেষ্টা কৰিছিল কলম্বিয়াই। সঘনাই টাফ ট্যেকেল আৰু ফাউল কৰিছিল। একে সময়তে চলিছিল প্ৰতি আক্ৰমণ। আমোদজনক হৈ পৰিছিল খেলখন।
খেল আৰম্ভ হোৱাৰ ৩৫ মিনিট পিছতেই আঘাতপ্ৰাপ্ত হয় আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ তথা বিশ্বৰ শীৰ্ষ বাছনিৰ অন্যতম মেছি। চিকিৎসা কৰি খেলি থাকিলেও বুজা গৈছিল যে তেওঁ যথেষ্ট অসুবিধাত আছিল। খেল চলি থকাৰ ৬৬ মিনিটত পুনৰ সেই স্থানতে আঘাত পাই মেছিয়ে। তাৰপিছত আৰু খেলিবলৈ সক্ষম নহ’ল মেছি। আঘাত পাই যেতিয়া মেছিয়ে খেলপথাৰ ত্যাগ কৰিছিল তেতিয়া আৰ্জেণ্টিনাৰ সমৰ্থকৰ চকুবোৰ সেমেকি উঠিছিল। মেছিয়েও নিজকে চম্ভালিব নোৱাৰিলে। বেঞ্চত বহি চিঞৰি চিঞৰি কান্দিলে মেছিয়েও। কিন্তু শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল মেছিৰ আৰ্জেণ্টিনাই।