National

কাৰ্গিল যুদ্ধ জয়ৰ জয়ৰ ২৫ বছৰ সম্পূৰ্ণ

নিউজ ডেক্স, ২৬ জুলাইঃ

প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়।কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ স্মৃতিত তথা দেশৰ শ্বহীদ জোৱান সকললৈ শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়।

আজি কাৰ্গিল দিৱসৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিল যুদ্ধ স্মৃতিসৌধ ভ্ৰমণ কৰি বীৰ,সাহসী জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আজিৰ দিনটোতে অৰ্থাৎ ১৯৯৯ চনত ভাৰতে পাকিস্তানী বাহিনীক পৰাস্ত কৰিছিল।  

প্ৰাণ আহুতি দিয়া জোৱানসকলৰ স্মৃতিত ভাৰতীয় সেনাই নিৰ্মাণ কৰিছিল কাৰ্গিল যুদ্ধ স্মৃতিসৌধ। কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কাৰ্গিল জিলাত নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ সমীপত ইয়াক দ্ৰাস যুদ্ধ স্মাৰক বুলিও জনা যায়।

আজি পুৱা ৯:২০ বজাত যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সেৱাত সৰ্বোচ্চ ত্যাগ কৰা সশস্ত্ৰ বাহিনীৰ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে। কাৰ্গিল দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত গৈ উল্লেখ কৰে, “কাইলৈ ২৬ জুলাই প্ৰতিজন ভাৰতীয়ৰ বাবে এক অতি বিশেষ দিন। আমি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰিম। আমাৰ জাতিটোক ৰক্ষা কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি কাৰ্গিল বিজয় দিৱস উদযাপন কৰিম।

কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি আমাৰ বীৰ বীৰসকলক শ্ৰদ্ধাঞ্জলি জনাম। শ্বিনকুন লা সুৰংগ প্ৰকল্পৰ বাবেও কাম আৰম্ভ হ’ব। বিশেষকৈ বেয়া বতৰৰ সময়ত লেহৰ সৈতে সংযোগ উন্নত কৰাৰ বাবে এই প্ৰকল্পটো এক গুৰুত্বপূৰ্ণ প্ৰকল্প। ইয়াৰ লগতে তেওঁ কয় যে নিজৰ মাতৃভূমিৰ বাবে ত্যাগ আৰু দেশপ্ৰেমৰ অমৰ নিদৰ্শন দাঙি ধৰা শ্বহীদ সকল‌ সদায় অমৰ হৈ থাকিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button