National

কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা,উৰণৰ সময়ত জ্বলি উঠিল যাত্ৰীবাহী বিমান

নিউজ ডেক্স, ২৪ জুলাইঃ

নেপালৰ ৰাজধানী কাঠমাণ্ডুত দুৰ্ঘটনাত পতিত হয় এখন বিমান। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সৌৰ্য এয়াৰলাইনৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ছোৱাত বিমানখনত কৰ্মচাৰীকে ধৰি ১৯জন লোক আছিল। আজি পুৱা ১১ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰা মাৰিবলৈ লওতে এই বিমানখন দুৰ্ঘটনাত পতিত হৈ অগ্নিকাণ্ড সংঘটিত হয়।  মুহূৰ্তৰ ভিতৰতে জুই-ক’লা ধোঁৱাই ছানি ধৰে বিমানখন। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ উদ্ধাৰৰ কাম আৰম্ভ হৈছে। সূত্ৰ অনুসৰি, উদ্ধাৰকাৰ্যৰ বাবে নেপাল চৰকাৰে সেনা জোৱান মোতায়েন কৰিছে। দুৰ্ঘটনাগ্ৰস্থ বিমানখন কাঠমাণ্ডুৰ পৰা পোখাৰা অভিমুখী আছিল।। উৰা মৰাৰ পাছতে দুৰ্ঘটনাটোৰ পিছতে বিমানখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।
বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি, বিমান দুৰ্ঘটনাত ১৮জন যাত্ৰীৰ মৃত্যু! সংকটজনক অৱস্থাত উদ্ধাৰ বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক। তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button