ক’লৈ গ’ল ৰমেন বৰুৱা?এতিয়াও সন্ধান নাই শিল্পী গৰাকীৰ

নিউজ ডেক্স, ২৪ জুলাইঃ
৪৮ ঘণ্টাৰ পাছতো সন্ধান নাই ৰমেন বৰুৱাৰ। বিশিষ্ট সংগীত শিল্পীগৰাকীক বিচাৰি জলে-স্থলে চলিছে অভিযান। সোমবাৰৰ পৰাই নিখোঁজ হৈ আছে ৰমেন বৰুৱা। এতিয়ালৈ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ক’লৈ গ’ল ৰমেন বৰুৱা?
সোমবাৰে পুৱা প্ৰায় ১০.৩০ মান বজাত চিৰপৰিচিত বগা কুৰ্তা-পাইজামা পিন্ধি ঘৰৰ পৰা ওলাই গণেশ মন্দিৰৰ দিশে ওলাই আহিছিল ৰমেন বৰুৱা। হাইক’ৰ্টৰ কাষেৰে ব্ৰহ্মপুত্ৰৰ দিশে যোৱা পথটোৰে তেওঁ খোজকাঢ়ি গৈ থকা দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। মোবাইল ট্টেক কৰি কালিতেই আৰক্ষীয়ে লাষ্ট লোকেশ্যন পাইছিল উজান বজাৰৰ ঘাট। পিন্ধি থকা জোতাৰ চিনো পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰত। বাছ আস্থান, ৰে’ল আস্থান আদিৰ লগতে ব্ৰহ্মপুত্ৰৰ উজাৰ বজাৰ ঘাটৰ পৰা কেইবা কিলোমিটাৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰকাৰ্য চলাইছিল।
শিল্পীগৰাকীৰ আত্মীয়-স্বজন, গুণমুগ্ধৰ লগতে গুৱাহাটী আৰক্ষী আৰু নৌ উদ্ধাৰকাৰী বাহিনীয়ে ক্ৰটিবিহীনভাৱে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত শিল্পীগৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। স্নিফাৰ ড’গো ব্যৱহাৰ কৰিছে উদ্ধাৰ অভিযানত।
অসমীয়া সংগীত জগতৰ পুৰোধা ব্যক্তি ৰমেন বৰুৱাৰ সন্ধানহীনৰ খবৰে ব্যথিত কৰিছে সকলোকে। সকলোৱে প্ৰাৰ্থনা কৰিছে কুশলে থাকক ৰমেন বৰুৱা। কলমে উভতি আহক শ্ৰদ্ধাৰ শিল্পীগৰাকী।
ইয়াৰ মাজতে ৰমেন বৰুৱাৰ ভাতৃ যশস্বী কণ্ঠশিল্পী দ্বীপেন বৰুৱাই সংবাদ মাধ্যমৰ আগত কৰিছে বিস্ফোৰক মন্তব্য। ৰমেন বৰুৱাৰ কন্যাক লৈ দ্বীপেন বৰুৱাই কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য। যি মন্তব্যই এতিয়া উদ্ৰেক ঘটাইছে বহু প্ৰশ্নৰ।