কণ্ঠশিল্পী দীক্ষুৰ ঘৰত আশ্ৰয় লৈছিল চুমি বৰা আৰু তার্কিক! দীক্ষুৱে উপদেশ দিছিল চুমিক…

নিউজ ডেক্স, ৪ ছেপ্তেম্বৰঃ এতিয়াও পলাতক ষ্ট’ক মাৰ্কেট কেলেংকাৰিত নাম সাঙোৰ খোৱা চুমি বৰা। পোহৰলৈ আহিছে চুমি বৰাৰ আন কেতবোৰ বিস্ফোৰক তথ্য। দুদিন ধৰি ফোন অফ কৰি আত্মগোপন কৰি থকা চুমিয়ে ঘনে ঘনে সলনি কৰিছে নিজৰ অৱস্থিতি। শেহতীয়াকৈ ঘটনাক লৈ মুখ খুলিছে শিল্পী দীক্ষু শর্মাই। কণ্ঠশিল্পী দীক্ষুৱে কয় যে, তেওঁৰ ঘৰতেই আছিল চুমী আৰু স্বামী তাৰ্কিক। এই কথা নিজেই স্বীকাৰ কৰিলে আজি সংবাদ মাধ্যমৰ আগত কণ্ঠশিল্পী দীক্ষৱে কণ্ঠশিল্পী দীক্ষুৱে। দীক্ষুৰ নিউ গুৱাহাটীৰ গণেশ নগৰৰ ঘৰলৈ গৈছিল চুমি আৰু তাৰ্কিক। আমাৰ ঘৰত থাকোতেই তাৰ্কিকলৈ ফোন আহিছিল আৰক্ষীৰ। মঙলবাৰে দিনৰ ১ বজাতে আমাৰ ঘৰলৈ আহিছিল। নিশা ১২ বজাৰ পিছত আমাৰ ঘৰৰ পৰা ওলাই গৈছে দুয়ো।’’ দীক্ষুৱে চুমীক আত্মসমর্পণ কৰিবলৈকো উপদেশ দিছিল যদিও চুমীয়ে এতিয়ালৈকে আত্মসমর্পণ কৰা নাই।
দীক্ষুৰ পত্নীয়ে জনোৱা অনুসৰি, তাৰ্কিক বৰাই কৈছিল, চুমিৰ মন বেয়া হৈ আছে, আমি যাব বিচাৰিছো। চিনাকি সূত্ৰেই তেওঁলোকক আহিবলৈ কৈছিল দীক্ষুৰ পত্নীয়ে। কিন্তু সেই মুহূৰ্তলৈ তেওঁলোকৰৰ কাহিনী জনা নাছিল দীক্ষুৰ পত্নীয়ে। তেওঁলোকৰ ঘৰলৈ গৈ চুমি বৰাই খুব কান্দিছিল। বুজাই আছিল স্বামী তাৰ্কিকে। বিশাল বাচি যাব ন বুলি চুমি বৰাই বিজিয়েতাক সুধিছিল, বিজিয়েতাই কৈছিল, যদি একো ভুল কৰা নাই বাচি যাব। অৰ্থাৎ সেই মুহূৰ্ততো পাতি লোৱা ভায়েক বিশালৰ বােব খুব চিন্তা হৈছিল চুমি বৰাৰ।
ইফালে আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি, চুমি বৰাৰ অৱস্থিতিক লৈ যথেষ্ট ক্লু লাভ কৰিছে চাইবাৰ চেলে। বিপদৰ আগজাননী পায়ে অগ্ৰিম জামিনৰ বাবেও অধিবক্তাৰ সৈতে যোগাযোগ কৰিছে চুমি বৰাই। উল্লেখ কৰা প্ৰয়োজন যে, বিগত বহু বছৰৰ পৰা গায়কগৰাকীৰ সৈতে একেলগে বহু কেইটা কাম কৰিছে চুমি বৰাই। চুমি বৰাৰ বিয়াতো বিশেষভাৱে দেখা গৈছিল এই জনপ্ৰিয় গায়কগৰাকীক।