ঔষধৰ টোপোলা ক’ত ৰাখিলে ৰাহু-কেতু লগ নেৰিব আপোনাৰ
নিউজ ডেক্স, ২ জুনঃ
জ্যোতিষশাস্ত্ৰৰ বিধি সমূহ মানি চলি জীৱনত সুফল লাভ কৰাৰ দাবী বহুতে কৰা পৰিলক্ষিত হয় । বহুলোকে জ্যোতিষশাস্ত্ৰত বিশ্বাস নকৰিলেও কিন্তু জ্যোতিষশাস্ত্ৰৰ এনে কিছুমান বিধি আছে, যি বিধি মানি চলিলে জীৱন যাত্ৰাত বহুতো ক্ষেত্ৰত লাভজনক হ’ব আৰু তাৰ লগে লগে এনে কিছুমান কাম আছে যিসমূহ কৰিলে জ্যোতিশাস্ত্ৰৰ মতে বিপদে আপোনাৰ লগ নেৰা হ’ব। এতিয়া আহিছোঁ জ্যোতিশাস্ত্ৰই দাবী কৰাৰ মতে ঔষধৰ টোপোলা এনে কিছু স্থানত ৰাখিলে বেমাৰ-আজাৰে কোনো দিন লগ নেৰিব আপোনাৰ ঘৰখনৰ ।
এতিয়া জানো আহক ঘৰৰ কোনসমূহ স্থানত ঔষধৰ টোপোলা ৰাখিব নালাগে-
প্ৰথম স্থানটো হৈছে বিচনাৰ শিতান। আপুনি যদি আপোনাৰ শুৱনি কক্ষৰ বিছনাৰ শিতানত ঔষধৰ টোপোলা ৰাখে, তেতিয়া হ’লে আপোনাৰ ঘৰখনৰ লগ ল’ব ৰাহু-কেতুৱে। যদি ৰাহু-কেতুৰ পৰা আপোনাৰ ঘৰখনক দূৰত ৰাখিব বিচাৰিছে, তেন্তে বিছনাৰ শিতানত ঔষধৰ টোপোলা নাৰাখিব।
দ্বিতীয় স্থানটো হৈছে পাকঘৰ। জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰত উল্লেখ আছে যে, পাকঘৰত কেতিয়াও ঔষধ ৰাখিব নালাগে। পাকঘৰত যদি ঔষধৰ টোপোলা ৰাখে তেতিয়া হ’লে আপোনাৰ ঘৰখনত ঋণাত্মক পৰিৱেশ সৃষ্টি কৰাৰ লগতে ঘৰৰ সদস্যসকলক বেমাৰে পিছ নেৰে। শাৰিৰিক সমস্যাৰ লগতে আৰ্থিক সমস্যাও সৃষ্টি হয় পাকঘৰত ঔষধ ৰাখিলে।
বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ উত্তৰ দিশত সদায় ঔষধৰ টোপোলা ৰাখিব লাগে। বাস্তু শাস্ত্ৰত এয়াও উল্লেখ কৰা হৈছে যে, ঘৰৰ দক্ষিণ দিশত ৰাখিব নালাগে ঔষধৰ টোপোলা। এনে কৰিলে বেমাৰে অধিক দিনৰ বাবে ঘৰত থিতাপি লয় ।