Crime

এহাল যুৱক-যুৱতীৰ ভয়ংকৰ কাণ্ড!প্ৰেমত সফলতা নোপোৱাৰ বাবেই শেষ কৰিলে জীৱন

নিউজ ডেক্স, ১ জুনঃ

একেলগে জীৱন শেষ কৰিলে দুই যুৱক-যুৱতীয়ে ৷ নলবাৰীৰ বানেকুছি বুঢ়াদিয়া নৈৰ পাৰত উদ্ধাৰ যুৱক-যুৱতীৰ মৃতদেহ। নিহত যুৱক-যুৱতীদ্বয়ৰ ঘৰ বৰমাৰ দলবাৰীত। নৈৰ পাৰত এজোপা গছত চিপ লৈ নিজৰ জীৱন শেষ কৰিলে এহাল প্ৰেমিক-প্ৰেমিকাই।
স্থানীয় লোকে মৃতদেহ দুটা প্ৰত্যক্ষ কৰাৰ লগে লগে মুহূৰ্তৰ ভিতৰতে এই খবৰ বিয়পি পৰে অঞ্চলটোত। লগে লগে খবৰ দিয়া হয় আৰক্ষীক। খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় নলবাৰীৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল কিশোৰীগৰাকী।
জানিব পৰা মতে, দুয়োৰে মাজত দীৰ্ঘদিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক। বিয়াৰ বয়স নোহোৱাৰ বাবে পৰিয়ালে বিয়া দিয়া নাছিল এই দুই ল’ৰা-ছোৱালীক। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক কিশোৰজনক বিয়া পতাৰ বাবে হেঁচা দিয়াৰ অভিযোগ কিশোৰৰ পৰিয়ালৰ লোকৰ। কিশোৰীৰ পৰিয়ালৰ বিয়াৰ হেঁচাৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, কিশোৰজনে মৃত্যুৰ পূৰ্বে হোৱাটছএপত দিছিল এটা ষ্টেটাছ। “য’ত লিখা আছিল আমাৰ প্ৰেম সঁচা। মা-পাপা ভালদৰে থাকিবা। আমাকটো এনেও যোৰা নকৰিলা হয়, এতিয়া দুয়োটাকে একেস্থানত ৰাখিবা।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button