National

এতিয়াও বানৰ কৱলত ২৯ খন জিলাৰ ২,৮০০খন গাঁও, ৪৬গৰাকী লোকে হেৰুৱাইছে প্ৰাণ

নিউজ ডেক্স, ৪ জুলাইঃ
ৰাজ্যত বানৰ সংসাৰী ৰূপ ৷ বেয়াৰ ফালে ঢাল খাইছে বান পৰিস্থিতি ৷ ৰাজ্যৰ ২৯খন জিলাৰ ২,৮০০খন গাঁও বানৰ কৱলত। ৰাজ্যত বৰ্তমানলৈ বানত আক্ৰান্ত হৈছে ১৬,২৫,০৮৯ গৰাকীকৈ লোক। ইয়াৰ ভিতৰত আছে ৬,৭৬,৪১১ গৰাকী পুৰুষ, ৫,৭৬,২৬৫ গৰাকী মহিলা, ৩,৭২,৪১৩ টা শিশু। প্ৰশাসনৰ ফালৰ পৰা সদৰি কৰা তথ্য অনুসৰি ৰাজ্যত বৰ্তমানলৈ বানৰ ফলৰ মৃত্যু ঘটিছে ৪৬গৰাকীকৈ লোকৰ। ইয়াৰোপৰি বান পীড়িত ৰাজহ চক্ৰৰ সংখ্যাও মঙ্গলবাৰৰ ৮৪ টাৰ পৰা বুধবাৰে ১০৫ টালৈ বৃদ্ধি পাইছে।

বানৰ কবলত থকা এই জিলা কেইখন ক্ৰমে বৰপেটা, বিশ্বনাথ, বঙাইগাওঁ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কামৰূপ (মেট্ৰ’), কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, মৰিগাওঁ, নগাওঁ, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমৰা আৰু তিনিচুকীয়া।

কেৱল গাওঁৱে নহয়,অভয়াৰণ্য বনাঞ্চল আদিয়ো পানীৰ তলত৷ যাৰ ফলত বিলৈ বিপত্তি নোহোৱা হৈছে মানুহৰ লগতে অমাত জীৱৰ৷

ভয়াবহ বানৰ কবলত পৰ্ব্বতঝোৰ কেইবা খন গাঁও । বাঢ়নি পানীয়ে বুৰাইছে কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰ ভিন্ন স্থান ৷ কোনো কোনো ঠাইত আহাৰৰ অভাৱ , জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি ৷
ভয়াবহ বানৰ কবলত শিলাইৰ পাৰ দ্বিতীয় খণ্ড, দ্বাৰচৌকা, খুটাবাগৰা, লালঘাট, আদিকে আৰু কেইবা খন গাঁও । গদাধৰৰ জলস্তৰ ওফন্দি উঠাত পৰ্ব্বতঝোৰ চাৰিওফালে বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে । গদাধৰৰ বাঢ়নী পানীত আৱদ্ধ হৈ পৰিল অগণন ৰাইজ।খোৱা-লোৱা, খোৱা পানীৰ অভাৱত ভুগিব লগা হৈছে লগতে যাতায়ত কৰিছে তুলুঙানাওৰে।

বৰপেটা জিলাৰ চেঙা সমষ্টিত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি ৷ সমষ্টিটোৰ পৰুৱা,কাঞ্চনপুৰ আৰু ভেলেংগীমাৰী নামৰ তিনিখন গাঁও সম্পূৰ্ণৰূপে বানত ডুব গৈছে। তিনিখন গাঁওৰ প্ৰায় তিনি শতাধিক পৰিয়াল জলমগ্ন হৈ পৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফলত বানত ককবকাই থকা তিনি শতাধিক পৰিয়ালৰ একাংশই ওখ ঠাই, মথাউৰি আদিত পলিথিনৰ ত্ৰিপাল আৰি পোহনীয়া জীৱ জন্তুৰে সহাৱস্থান কৰি আছে বৰ্ণাঢ্য।আন একাংশই পানীত ডুব যোৱা ঘৰখনতে ওখ চাং বান্ধি থকা পৰিলক্ষিত হৈছে।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত সামান্য পৰিমাণে হ্ৰাস পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ।

ইফালে ক্ৰমাৎ উন্নত হৈছে মাজুলীৰ বান পৰিস্থিতি। মাজুলীত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। আজিৰে পৰা আৰম্ভ হৈছে মাজুলীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণৰ কাম। আজি মাজুলীৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ক্ৰমান্নয়ে বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে দক্ষিণ কামৰূপৰ সোণতলীত ৷ বৰ্তমানেও বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। বৃহত্তৰ সোণতলীৰ প্ৰতিখন গাঁও সম্প্ৰতি পানীৰ তলত ৷ বানৰ পানীত ডুৱ গৈছে বিভিন্ন শস্যৰ পথাৰ ৷

কৰিমগঞ্জৰ বদৰপুৰৰ উত্তৰ কান্দিগ্রাম এলেকাত নৈৰ বাঢ়নি পানীয়ে ছিঙিলে মথাউৰি। ছিগা মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button