National

এটি মৃতদেহ সৎকাৰ কৰিবলৈ গৈ ৪জনকৈ লোকৰ কৰুণ মৃত্যু!এতিয়াও সন্ধান নাই মৃতদেহ সৎকাৰ কৰিবলৈ উদয় সৰকাৰ নামৰ এজন

নিউজ ডেক্স, ১২
মৰ্মান্তিক! গোৱালপাৰা জিলাৰ শিমলীতোলাত এতিয়া শোকৰ বন্যা ৷ গোৱালপাৰাৰ শিমলীতোলা ৰাজহুৱা শ্মশান ঘাটত বৃহস্পতিবাৰে সংঘটিত হয় শোকাৱহ নাও দুৰ্ঘটনা। মৃতকৰ শেষকৃত্য সম্পন্ন কৰি ঘৰলৈ উভতি আহি থাকোতেই নদীৰ বুকুত ডুব যায় নাওখন।
গোৱালপাৰা জিলাৰ শিমলীতোলাত গাঁও খনৰ শ্মশানখন এটা বিল পাৰ হৈ যাব লগা হোৱা হেতুকে নাওঁৰে মৃতদেহ পাৰ কৰি নিব লগা হয়। তেনেস্থলত যেতিয়া দিনৰ ভাগত গাঁৱৰ মানুহে মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানলৈ গৈছিল ৷ সৎকাৰ কৰাৰ পিছত উভতি অহাৰ সময়তে অতি কৰুণ ঘটনাটো সংঘটিত হয় । ইতিমধ্যে গাঁওৰ মানুহে লৈ যোৱা নাওখন ডুবি প্ৰথমতে ৫ জনকৈ লোক নিৰুদ্দেশ হৈছিল যদিও স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ অভিযান চলাই তিনিজনক মৃত অৱস্হাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় লগতে SDRF বাহিনী । অঞ্জনা সৰকাৰ নামৰ মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰি ঘৰলৈ উভতি আহি থাকোতেই নদীৰ বুকুত ডুব গৈছিল নাওখন। জানিব পৰা মতে মৃত অৱস্থাত উদ্ধাৰ হয় ক্ৰমে গাঁও খনেৰে মনজিৎ স্বাহা,জগৎ কৰ্মকাৰ,সুজন মালাকাৰ। আনপিনে সন্ধানহীন হৈ আছিল দুজনকৈ লোক গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰ । আজি পুৱা আন এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে অভিযানকাৰী দলে। উল্লেখ্য যে এতিয়াও সন্ধানহীন হৈ আছে মৃত অঞ্জনা সৰকাৰৰ স্বামী উদয় সৰকাৰ। জানিব পৰা ম’তে প্ৰায় ২৬জনকৈ লোকে মৃতদেহ সৎকাৰ কৰি টুলুঙা নাৱৰে ঘৰলৈ উভতি আহি আছিল। তেতিয়াই নৈৰ বাঢ়নী পানীৰ কোৱাল সোতত সংঘটিত হয় এই শোকাৱহ ঘটনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button