Business

এগৰাকী উদ্যমী মহিলা! ৩০ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম নগাঁৱৰ চামগুৰিৰ ৰেণু মহন্ত

নিউজ ডেক্স, ১৫ জুন
যুৱ প্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী উদ্যমী মহিলাই।নগাঁৱৰ পৰা উজনি অসমলৈ যোৱাৰ পথত চামগুৰিৰ হেমাৰবড়ী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পোৱা যায়। এখন ব্যতিক্ৰমী ৰেষ্টুৰেন্ট।নাম-‘কুঁঁহি টি বাৰ’।মাত্ৰ ৩০ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নগাঁও চামগুৰিৰ এগৰাকী মহিলাই। আন বহুতৰ বাবে আদৰ্শ হ’ব পাৰে চামগুৰিৰ ৰেণু মহন্ত নামৰ মহিলাগৰাকী। শূন্যৰ পৰা মনে ভবা ধৰণে ব্যৱসায় আৰম্ভ কৰি দীৰ্ঘদিনীয়া কষ্টৰ অন্তত সফলতাৰ জখলাত আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৰেণু মহন্ত।
বিগত প্ৰায় পাঁচটা দশকৰ পূৰ্বে ৰেণুৱে কেৱল আৰম্ভ কৰিছিল আচাৰৰ ব্যৱসায়। সেয়াই আৰম্ভণি। নিজ অধ্যৱসায়ৰ জৰিয়তে ৰেণু মহন্ত বৰ্তমান এগৰাকী সফল ব্যৱসায়ী। বিভিন্ন আচাৰৰ লগতে চাহ আৰু অসমৰ পৰম্পৰাগত থলুৱা খাদ্যৰে উজলি উঠিছে ‘কুঁঁহি টি বাৰ।
চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ বাবে উলিয়াই দিছে ৰেণু মহন্তই।
২০১১ চনৰ পৰা আৰম্ভ কৰিছিল ঘৰৰ পৰাই তেওঁ এই ব্যৱসায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button