এগজিট পুলৰ নাটকেৰে কোটি টকা লুণ্ঠন!
নিউজ ডেক্স, ৭ জুনঃ
বৃহৎ খলকনিৰ সৃষ্টি হৈছে দেশৰ শ্বেয়াৰ বজাৰত।
নিৰ্বাচনী ফলাফলৰ পিছত হ্ৰাস পাইছে দেশৰ শ্বেয়াৰ বজাৰ। কোটি কোটি টকাৰ লোকচান দেশৰ শ্বেয়াৰ বজাৰত। বিনিয়োগ কাৰীসকলৰ মাজত হাহাকাৰ। আচলতে কি হৈছে দেশৰ শ্বেয়াৰ বজাৰত ?
বিগত দিনত দেশৰ শ্বেয়াৰ বজাৰত নিৰ্বাচনী ফলাফল ঘোষণাৰ সময়ত লোকচান হৈছিল প্ৰায় ৩০ লাখ কোটি টকা। ব্যাপক পতনৰ সন্মুখীন হৈছে দেশৰ শ্বেয়াৰ বজাৰ। তাৰ পিছত সৰৱ হৈ পৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী। নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেল যোগে ৰাহুল গান্ধী সকলো কথা সদৰি কৰে। এক আলোচনাৰ মাধ্যমেৰে এই ঘটনা তথা কেলেংকাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে মোদী – শ্বাহৰ বিৰুদ্ধে।
ৰাহুল গান্ধীৰ মতে মোদী – শ্বাহৰ কি সম্পৰ্ক আছে দেশৰ শ্বেয়াৰ বজাৰৰ সৈতে। বিনিয়োগ কাৰীসকলক উৎসাহিত কৰিবলৈ। কিয়নো ফলাফল ঘোষণা আগতে এগজিট পুলৰ সমীক্ষাত বিজেপি যথেষ্ট সংখ্যক আসন লাভ কৰিব বুলি বিভিন্ন সমীক্ষাত দেখুওৱা হৈছিল। ৪ জুনৰ পূৰ্বে বেছিকৈ শ্বেয়াৰ বজাৰৰ শ্বেয়াৰ ক্ৰয় কৰিবলৈ বিনিয়োগ কাৰীসকলক পৰামৰ্শ দিছিল। প্ৰথম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিছিল। তাৰ পিছত হাজাৰ হাজাৰ লোকে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা পৰিলক্ষিত হৈছিল।
কিন্তু ফলাফল পিছত শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী সকলৰ অভিলেখৰ বিপৰীতে এখন বেলেগ ছবি দেখিবলৈ পোৱা গৈছিল। মিছা প্ৰচাৰ চলায় পাঁচ কোটি লোকক অধিক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰি কোটি টকাৰ লুণ্ঠন হয়। দেশৰ শ্বেয়াৰ বজাৰত এয়া বৃহৎ কেলেংকাৰী অভিহিত কৰি ইয়াৰ বাবে যুটীয়া সংসদীয় কমিটি গঠন কৰি উচিত তদন্তৰ দাবী ৰাহুল গান্ধীৰ।