Uncategorized

উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি আগুৱাই দিয়া হ’ল পাঠদানৰ সময়

নিউজ ডেক্স, ২৫ মে’
উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য৷ প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰ্দেশনা শিক্ষা বিভাগৰ। কামৰূপ (ম) জিলাত সালসলনি বিদ্য়ালয়ৰ পাঠদানৰ সময়। প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ বজাৰ পৰা ১২ বজালৈ,মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ৰ পৰা ১২.৩০ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় ৭.৩০ৰ পৰা ১ বজালৈ কৰাৰ নিৰ্দেশা প্ৰদান কৰা হৈছে।
২৭ মে’ৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা৷ সকলো জিলাৰ আয়ুক্তলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশ দিয়া হৈছে। পাঠদানৰ সময়সূচী সলনি কৰিবলৈ প্ৰতিজন অধ্যক্ষ, প্ৰধান শিক্ষকলৈ নিৰ্দেশ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button