Life Style

উফি আৰু চুলি সৰাৰ সমস্যাত ভুগিছে নেকি?ঘৰতে কৰক এনেদৰে যতন , দূৰ হ’ব সমস্যা

নিউজ ডেক্স, ২৭ মে’

বহু লোকে উফি আৰু চুলি সৰাৰ সমস্যাত ভুগে।আপোনাৰো একেই অৱস্থা নেকি? গ্ৰীষ্মকালত চুলিৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। চুলিৰ যত্নৰ বাবে আপুনি প্ৰাকৃতিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। জানি লওঁক কেনেদৰে ঘৰতে আপুনি চুলি খিনি যতন ল’ব পাৰিব-
নাৰিকল তেলত কিছু মেথি গুটি গৰম কৰি লওক।ৰঙা হ’লে নৰসিংহ পাত, নিম পাত আৰু এল’ভেৰা দিব। নৰসিংহ পাত, নিম পাত, এল’ভেৰা নাৰিকল তেলত উতলাই লওক।সকলো পাত ক’লা হৈ গ’লে গম পাব যে তেল সাজু হৈছে।এই মিশ্ৰণটো ৰাতি মূৰৰ ছালত ভালদৰে মালিচ কৰক।ৰাতিপুৱা শ্বেম্পু কৰক। দেখিব লাহে লাহে আপোনাৰ চুলিৰ সমস্যা দূৰ হৈছে।

নৰসিংহ পাত চুলি আৰু ৰূপ চৰ্চাৰ বাবে অতি উপকাৰী। এই পাতে চুলিৰ সমস্যাৰ বাবে যাদুৰ দৰে কাম কৰে। এইবিধ পাতে চুলি সৰা সমস্যা কমায়।নিম পাতৰ তেলত ফেটি এচিড থাকে, এই ফেটি এচিডে ৰুক্ষ চুলি পুনৰুদ্ধাৰ কৰাত সহায় কৰে। মূৰৰ ছালখনক পুষ্টি প্ৰদান কৰে। নিমত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে। যিয়ে চুলি চিকচিকিয়া কৰি তোলাত সহায় কৰে,লগতেচুলিৰ বৃদ্ধিতো সহায় কৰে।

এল’ভেৰাই খজুৱতি হোৱা মূৰৰ ছালখন সমস্য দূৰ কৰে। ই উফি কম কৰাত সহায় কৰে। মেথি চুলিৰ উন্নত কৰে আৰু মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে। চুলিখিনি চিকচিকিয়া কৰি কোমল কৰি তোলাত সহায় কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button