উদণ্ড যুৱকৰ আক্ৰমণত প্ৰাণ গ’ল ৰাজ্যৰ জনপ্ৰিয় গীটাৰিষ্টৰ
নিউজ ডেক্স, ২৯ আগষ্টঃ
ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃখবৰ ৷ উদণ্ড যুৱকৰ আক্ৰমণত নিহত বাদ্যযন্ত্ৰী শিল্পী। মৰাণৰ পিয়লি নগৰ নিবাসী ফৰিদ নামেৰে পৰিচিত বাদ্যযন্ত্ৰী শিল্পী জিয়াউৰ ৰহমানৰ মৃত্যু। মৰাণৰ এখন ব্যক্তিগত চিকিৎসালয়ত বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে বাদ্যযন্ত্ৰী শিল্পীগৰাকীয়ে।
জানিব পৰা অনুসৰি দেওবাৰে নিশা প্ৰায় ৮ বজাত এখন দোকানৰ পৰা কিছু সামগ্ৰী ক্ৰয় কৰি নিজ ঘৰলৈ খোজকাঢ়ি আহি আছিল। কিন্তু সেই সময়তে কেইজনমান উদণ্ড যুৱকে জিয়াউৰ ৰহমানক আগভেঁটি ধৰিছিল। জিয়াউৰ ৰহমানে যুৱকে কেইজনক আঁতৰিবলৈ অনুৰোধ কৰাত উদণ্ড যুৱককেইজনেক মাৰপিট আৰম্ভ কৰিছিল। ইয়াৰ পিছতে মৰাণ আৰক্ষী কাষ চাপে বাদ্যযন্ত্ৰী শিল্পীগৰাকীয়ে । কিন্তু অভিযুক্ত পৰিয়ালৰ লোকসকলে আহি আঘাটপ্ৰাপ্ত লোকজনৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰি বুলি কোৱাৰ লগতে অভিযুক্ত পৰিয়ালে অনুৰোধ কৰাত এজাহাৰ দিয়াৰ পৰা বিৰত থাকে জিয়াউৰ ৰহমান ওৰফে ফৰিদ । ইফালে, বাদ্যযন্ত্ৰী শিল্পীগৰাকীক মৰাণৰ ব্ৰক্ষ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসা কৰোৱা হয় যদিও লাহে লাহে স্বাস্থ্যৰ অৱনতি হৈ আহে । অৱশেষত বুধবাৰে মৃত্যুক সাৱতি লবলগীয়া হয় শিল্পীগৰাকীয়ে । পলাশ দাস নামৰ যুৱকজনৰ নেতৃত্বত ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পিছতে বুধবাৰে নিশা মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে । বাদ্যযন্ত্ৰী শিল্পীক আক্ৰমণকাৰী মৰাণ নতুন নগৰৰ পলাশ দাসক আটক কৰে মৰাণ আৰক্ষী৷
উল্লেখ্য যে, প্ৰায় ৫৫ বছৰীয়া বাদ্যযন্ত্ৰী শিল্পীগৰাকীয়ে এসময়ত বহু জনপ্ৰিয় শিল্পীৰ সৈতে গীতাৰ বজোৱাৰ লগতে MUSIC DEN AND DANCE ACADEMY ৰ জড়িয়তে উঠি অহা প্ৰজন্মক সংগীতৰ শিক্ষা দি আহিছিল । জিয়াউৰ ৰহমানৰ মৃত্যু শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগতত।