National

উত্তৰ প্ৰদেশত শোকাৱহ ঘটনাহাথৰছত সৎসংগত পদপিষ্ট ঘটনাত মৃতকৰ সংখ্যা ১২১ জনলৈ বৃদ্ধি!

নিউজ ডেক্স, ৩ জুলাইঃ

উত্তৰ প্ৰদেশত শিহৰণকাৰী ঘটনা৷ হাথৰাছত ধৰ্মগুৰুৰ অনুষ্ঠানত সমাগম হৈছিল হাজাৰ হাজাৰ ভক্তৰ৷ ঠেলা-হেঁচাত শিশুসহ ১২২ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ ৷ ভয়ংকৰ হেঁচা ঠেলাত বহুলোক আহত হৈছে ৷ আহত সকলক ভর্তি কৰোৱা হৈছে চিকিৎসালয়ত৷
মঙলবাৰে হাথৰছত সৎসংগৰ আহ্বান জনাইছিল নাৰায়ণ সাকাৰ হৰি ওৰফে সাকাৰ বিশ্ব হৰি ওৰফে ভোলে বাবাই।
হাথৰস জিলাৰ ছিকান্দ্ৰৰাউৰ কাষৰ মোগলগড়ী গাঁৱত চলি থকা এক শিৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা সেই অনুষ্ঠানৰ অন্তত মানুহৰ ভিৰৰ বাবে সংঘটিত হয় পদপিষ্টৰ ঘটনা। আপোনজনৰ সন্ধানত হাস্পতালত ভিৰ কৰিছে আত্মীয়ই। হাস্পতালৰ বাহিৰত শাৰী শাৰী মৃতদেহ। আত্মীয়ৰ কান্দোলনৰ ৰোল উঠিছে। এক অবৰ্ণনীয় পৰিৱেশ। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ৷
একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে, সৎসংগৰ বাবে যি পেণ্ডেল নিৰ্মাণ কৰা হৈছিল, সেয়া ঘেৰি ৰখা হৈছিল। ফেনৰ কোনো ব্যৱস্থা নাছিল। পেণ্ডেল খোলা হ’লেও আৰ্দ্ৰতা আৰু গৰমৰ বাবে অস্বস্তিত ভুগিছিল উপস্থিত লোকসকল। ফলত সৎসংগ শেষ হোৱাৰ পিছতে দৌৰাদৌৰিকৈ পেণ্ডেলৰ পৰা ওলাই অহাৰ চেষ্টা কৰিছিল সকলোৱে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাথৰছৰ এই ঘটনাত দুখ প্ৰকাশ কৰিছে। । লগতে মৃতকৰ পৰিয়াললৈআৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে৷
ইফালে আজি এই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ইয়াৰোপৰি যিসকল আহত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোককো সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।
কিয় আৰু কেনেকৈ এই ঘটনা হ’বলৈ পালে সেই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে তদন্ত কৰিবলৈ এক উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰিছে। শেহতীয়া খবৰ অনুসৰি এই অনুষ্ঠানৰ মুখ্য সেৱক দেৱপ্ৰকাশ মধুকৰ আৰু অন্যান্য আয়োজকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button