Crime

উত্তপ্ত ধিঙ ,তিনি পাষণ্ডই অপকৰ্ম কৰি পথৰ দাঁতিত পেলাই থৈ গ’ল ছাত্ৰীক!দোষীক উচিত শাস্তি প্ৰদানৰ প্ৰতিবাদ পুৰুষ-মহিলা-শিক্ষাৰ্থীৰ

নিউজ ডেক্স, ২৩ আগষ্টঃ

নগাঁৱৰ ধিঙত এক জঘন্য ঘটনা সংঘটিত হৈছে। টিউছনৰ পৰা আহি থাকোতেই এগৰাকী দশম শ্ৰেণী ছাত্ৰীক দলবদ্ধভাৱে অপকৰ্ম কৰি পেলাই থৈ যায় পথৰ দাঁতিত তিনি পাষণ্ডই ৷ মুৰ্মূষু অৱস্থাত ৰাইজে উদ্ধাৰ কৰে কিশোৰীগৰাকীক। সংকটজনক অৱস্থাত কিশোৰীগৰাকীক প্ৰেৰণ কৰা হয় নগাঁও অসামৰিক চিকিৎসালয়লৈ। ঘটনাস্থলীত ধিং আৰু নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইফালে ধিং আঞ্চলিক ছাত্ৰ সন্থাই এই ঘটনাৰ প্ৰতিবাদত আজি পুৱা ৫ বজাৰ পৰা ধিং বজাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰিছে।
ধিঙৰ এই জঘন্য কাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ভুক্তভোগী কিশোৰীগৰাকীৰ ন্যায় বিচাৰি ধিঙত প্ৰতিবাদ স্থানীয় ৰাইজৰ। ধিঙৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ লোক। এতিয়া চৌদিশে প্ৰতিবাদ-গৰিহণা। একেমুখে সকলোৱে দোষীৰ কঠোৰ শাস্তিৰ দাবী তুলিছে। এনে জঘন্য ঘটনাৰ দোষী কোনোপধ্যে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে সকলোৱে দাবী জনাইছে। জানিব পৰা অনুসৰি, তফজ্জুল ইছলাম আছিল নাৰকীয় ঘটনাৰ মাষ্টাৰমাইণ্ড। এখন মটৰ চাইকেলত আহিছিল ৩ নৰপিশাচ। অপৰাধীক চিনাক্ত কৰিছে নগাঁও আৰক্ষীয়ে। ৩ পাষণ্ডৰ মাজৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এটা নৰপিশাচক আটক কৰিছে আৰক্ষীয়ে, পলাতক হৈ আছে এটা নৰখাদক।

ধিং কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰ দৌলমুখ চাৰিআলিত উজনি অসম মুছলিম কল্যাণ পৰিষদ, উজনি অসম সন্মিলিত মুছলিম পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ছাত্ৰী ধৰ্ষণৰ সৈতে জড়িত সকলোকে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। ধৰ্ষনকাৰীক ফাঁচী দিয়ক, অবৈধ মিঞাক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে খিলঞ্জীয়া মুছলমান সমাজে। প্ৰতিবাদী কাৰ্যসূচীত আটাছু, জাতীয় সংগ্ৰামী সেনা অসম, অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং৷ ধিঙৰ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয় যে ‘‘লোকসভাৰ পিছত এটাৰ পিছত এটা ঘটনা ঘটি আছে এইটো ২৩ নম্বৰ ঘটনা, ‘অসমীয়া সংখ্যালঘু হোৱা স্থানত এনে ঘটনা বাঢ়িছে। “যি যি ঠাইত খিলঞ্জীয়া মানুহ Minority হৈছে সেই ঠাইত আমাৰ মানুহ সমস্যাত থাকে” ধিঙত এইটোৱেই প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও এনে ঘটনা ঘটিছে ধিঙত” এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। ‘দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ব্যৱস্থা লোৱা হ’ব’ মধ্য অসম আৰু বৰাক ভেলীৰ খিলঞ্জীয়া মানুহ ভয় আৰু শংকাত থাকে। এই অঞ্চলসমূহত আমাৰ মানুহবোৰ ছেনছেটিভ হ’ব লাগিব।’ ‘অসমীয়া-বঙালীৰ মাজত লাগি থাকিলে নহ’ব, “বঙালী মানুহে অসমীয়া ছোৱালী মানুহৰ ওপৰত হাত নিদিয়ে”আমাৰ মানুহে শত্ৰুক চিনাক্ত কৰিব নোৱাৰাতো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ধিঙলৈ যোৱাৰ DGP জি পি সিঙ আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাক
ধিঙৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযূষ হাজৰিকায়ো ৷ ধিঙলৈ যোৱাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘এই বৰ্বৰোচিত ঘটনাক গৰিহণা দিয়াৰো ভাষা নাই। তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বুলি কৈও শান্তি পোৱা নাই। ক’বলৈ শব্দ বিচাৰি পোৱা নাই। কোনো বাচি যাব নোৱাৰে, কঠোৰ শাস্তি হ’ব দোষীৰ।’’

ইতিমধ্যে আৰক্ষী সঞ্চালকপ্ৰধান ধিঙলৈ ৰাওনা হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই জঘন্য ঘটনাৰ বাবে চৰকাৰে যি কৰিব লাগে সকলো কৰিব বুলি উল্লেখ কৰে। যাতে কোনোৱে যাতে এনে কৰ্ম কৰি বাচি নাযায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button