উখল-মাখল নীলাচলৰ বুকু,অম্বুবাচী মেলাত মানি চলক এই নিয়ম সমূহ
নিউজ ডেক্স, ১৯ জুনঃ
উখল-মাখল নীলাচলৰ বুকু ৷ অম্বুবাচী মেলা হৈছে অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত উৎসাহেৰে উদযাপন কৰা এক বাৰ্ষিক হিন্দু উৎসৱ। অম্বুবাচী শব্দটো অম্বু আৰু বাচি বুলি দুটা শব্দৰে গঠিত, য’ত অম্বু মানে পানী আৰু বাচিৰ অৰ্থ উৎফুলন । এই শব্দটোৱে নাৰীৰ শক্তি আৰু সন্তান জন্ম দিয়াৰ ক্ষমতাক প্ৰতিফলিত কৰে । প্ৰতি বছৰে জুন মাহত মা কামাখ্যা ঋতুমতী হৈ থাকিলে এই মেলা অনুষ্ঠিত হয় । অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়৷ সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ ৷ চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে ৷ ইফালে, ৫১ খন শক্তিপীঠৰ ভিতৰত এখন অন্যতম শক্তিপীঠ হৈছে মা কামাখ্যা ধাম ৷ এই শক্তিপীঠসমূহৰ ভিতৰত যোনিপীঠ হৈছে কামাখ্যাধাম ৷
অম্বুবাচীৰ লগত বিভিন্ন ৰীতি-নীতি জড়িত হৈ আছে। এই সময়খিনিত আই বসুমতী ৰজঃস্বলা হয়।
। মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু। এই বৰ্ষৰ অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব ২২ জুনৰ দিনা পুৱা ৮ বাজি ৩৫ মিনিটত ৷ আনহাতে নিবৃত্তি ঘটিব ২৫ জুনৰ নিশা ৮.৫৬ মিনিটত ৷
অম্বুবাচীৰ নীতি-নিয়মঃ
অম্বুবাচীৰ তিনিদিন ব্ৰহ্মচাৰী, সাধু-সন্যাসী, যোগী আৰু বিধৱা মহিলা সকলে জুইত ৰন্ধা একো খাদ্য গ্ৰহণ নকৰে। ফল-মূল গ্ৰহণ কৰিয়েই এই তিনিদিন অতিবাহিত কৰে। অম্বুবাচীৰ নিবৃত্তিৰ পিচত কাপোৰ কানি ধোৱা আদিৰে পৰা আৰম্ভ কৰি সকলো সূচী কৰি পুনৰ কাম আৰম্ভ কৰে। যিকোনো শুভ কাম-কাজ, মাংগলিক পৰ্ব এই কেইদিনত কৰাতো নিষিদ্ধ মানা হয়। অম্বুবাচীৰ সময়ত খেতি-পথাৰৰ কাম-কাজ কৰাৰ পৰাও বিৰত থকা হয়। অম্বুবাচীৰ সময়ত লোকাচাৰ হিচাপে সৰ্পভয় নিবাৰণৰ বাবে কেঁচাগাখীৰ খোৱাৰ নিয়ম আছে ৷ এই সময়ছোৱাত পানী বেছি হোৱা বাবে বহু সাপ ওলোৱা দেখা যায় ৷ সেয়ে সাপৰ পৰা যাতে কোনো অনিষ্ট নহয় সেইবাবে কেঁচা গাখীৰ খোৱাৰ প্ৰবাদ আছে ৷ নামনি অসমৰফালে অম্বুবাচীক ” আমতি” বুলিও কোৱা হয় ৷
অম্বুবাচীৰ ব্ৰত ধাৰণ কৰাসকলে এই সময়ছোৱাত ফলাহাৰ গ্ৰহণ কৰিব লাগে ৷ এই সময়ত কোনো ধৰণৰ সিদ্ধ বা সিজোৱা আহাৰ গ্ৰহণ কৰিব নালাগে ৷
২৬ জুনৰ পুৱা মা কামাখ্যা দুৱাৰ খোলা হ’ব। আৰু সকলোৱে মা কামাখ্যাৰ চৰণ স্পৰ্শ কৰিব পাৰিব। এই সময়ত কামাখ্যা মা ৰজস্বলা হোৱা বুলি কোৱা হয়। মা ৰজস্বলা সময়ত এখন কাপোৰ দিয়া হয়। সেই কাপোৰখনক ৰক্ত বস্ত্ৰ বুলি কোৱা হয়। পাছত সেই কাপোৰখন ভক্তসকলে নিৰ্মালি হিচাপে লগত ৰাখে। যিসকলে সেই বস্ত্ৰ পাবলৈ সক্ষম হয় তেওঁলোকক ভাগ্যৱান বুলি কোৱা হয়। আৰু যদি সেই কাপোৰ লগত ৰাখে জীৱনৰ সকলো দিশতে উন্নতি হয়।