আম্বানি পুত্ৰৰ ৰাজকীয় বিবাহ, দেশ বিদেশৰ বিশিষ্ট অতিথিৰ সোঁত
নিউজ ডেক্স, ১২ জুলাই
এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি তথা উদ্যোগপতি মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰৰ বিবাহক লৈ ব্যাপক চৰ্চা। পুত্ৰৰ বিবাহক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে আম্বানী পৰিয়াল। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত বান্দ্ৰা কুৰলা কমপ্লেক্স জিঅ’ ৱৰ্ল্ড কনভেনচনত আনুষ্ঠানিক ভাৱে অনুষ্ঠিত হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ বিবাহ। উদ্যোগপতি বীৰেন মাৰ্চেন্টৰ কন্যা ৰাধিকা মাৰ্চেন্ট।
প্ৰায় তিনি দিন ধৰি অনুষ্ঠিত হ’ব এই বিবাহ। বিবাহ উপলক্ষে ইতিমধ্যে আমন্ত্ৰিত অতিথি আহি উপস্থিত হৈছে।এই বিবাহত অংশগ্রহণ কৰিবলৈ ব্রিটেইনৰ প্ৰাক্তন প্রধানমন্ত্রী টনি ব্লেয়াৰ আৰু বৰিছ জনছন মুম্বাইত উপস্থিত হৈছে। আজি জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মার্চেণ্টৰ বিবাহ। অৱশ্যে মাৰ্চ মাহৰ প্ৰাক বিবাহ অনুষ্ঠানৰ পিছৰে পৰা চলিছিল বিয়াৰ প্ৰস্তুতি।
নিমন্ত্ৰিত অতিথিৰ তালিকাত আছে সমগ্ৰ বিশ্বৰ ৰাজনীতিক , উদ্যোগপতি, চিনেমা তাৰকাকে ধৰি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি। অতিথি হ’ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীও। ভাৰতীয় অতিথিৰ তালিকাই কেন্দ্ৰীয় মন্ত্ৰী বৰ্গৰ লগতে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি সকলকো সামৰি লৈছে ।
বিবাহৰ আগত দুয়োটা পৰিয়ালে গ্ৰহ শান্তি পূজা কৰে। শান্তিৰ বাবে এই অনুষ্ঠানত কুলদেৱী ৰণ্ডাল মা আৰু নটা গ্ৰহৰ পূজা কৰা হয়। এই অনুষ্ঠানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।আজিৰ দিনটোত অতিথিসকলক ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ১৩ জুলাইৰ শুভ দিনটোত ড্ৰেছ কোড ৰখা হৈছে পৰম্পৰাগত ভাৰতীয় সাজ-পোছাক। ১৪ জুলাইত মংগল উৎসৱ বা বিয়াৰ অভ্যৰ্থনা। সেইদিনা আড়ম্বৰপূৰ্ণ ভাৰতীয় সাজ-পোছাক ড্ৰেছ কোড ৰখা হৈছে।