আপোনাৰ ঘৰতে থকা এই ফুলবিধেও দূৰ কৰিব পাৰে বহুতো ৰোগ
নিউজ ডেক্স,৬ আগষ্ট:- কেতিয়াবা আপোনাৰ ঘৰতে থকা ফুলবিধেও আপোনাক বিভিন্ন ৰোগৰ মাধান দিব পাৰে। ঠিক তেনে এবিধ ফুল হৈছে নয়নতৰা। কোনোগুণে কম নহয় নয়নতৰা ফুল।
এই ফুলপাহৰ বৈজ্ঞানিক নাম Catharanthus. নয়নতৰা এই ফুলপাহ Catharanthus প্ৰজাতিৰ আৰু Apocynaceae পৰিয়ালৰ অন্তৰ্গত।
এই ফুলপাহক ইংৰাজীত Madagascar Periwinkle বা periwinkle আৰু হিন্দীত Sadabahar বুলি জনা যায়।
নয়নতৰাৰ পাত, ফুল আৰু ডালত বহু মূল্যবান ৰাসায়নিক উপাদান পোৱা যায়। এই ফুলপাহক ভিন্ন ঠাইত ভিন্ন নামেৰে জনা যায়। এই ফুল পাহ গুল্মজাতীয় উদ্ভিদ, বৰ্ষজীৱী। কেতিয়াবা এই গছজোপা বহু বছৰ জীয়াই থাকে।
বিশেষ যত্নৰ প্ৰয়োজন নহয় এইবিধ ফুলৰ ক্ষেত্ৰত।
এই ফুলপাহ ২/৩ ফুটতকৈ বেছি ডাঙৰ নহয়।এই ফুলপাহৰ পাত মসৃণ, আৰু ডিম্বাকৃতিৰ। এই ফুলপাহৰ নাই কোনো গোন্ধ। ই বীজৰ দ্বাৰা বংশ বৃদ্ধি হয়।এই ফুল কেৱল ফুলনি মোহিত কৰিবলৈ বাবেই হয়তো আপুনি ৰুইছে। কিন্তু ই আয়ুবের্দিক চিকিৎসাত এবিধ অতি উত্তম ঔষধি গছ আপুনি জানেনে? পূজা বা মাংগলিক অনুষ্ঠানত নয়নতৰা ফুল আগবঢ়োৱাৰ উপৰিও ইয়াৰ আয়ুবেৰ্দিক চিকিৎসাত আছে বিশেষ গুৰুত্ব৷
নয়নতৰা ফুলক কেইবাটাও বেমাৰত মহৌষধ বুলি মানি অহা হৈছে। এই ফুলগছ জোপা কৃমি ৰোগ, মেধাবৃদ্ধিত, মধুমেহ, বদহজম ,ৰক্তচাপ বৃদ্ধিৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এইদৰে আমাৰ চৌপাশত প্ৰায়ে দেখিবলৈ পোৱা নয়নতৰা ফুলে আমাক বিভিন্ন বেমাৰৰ পৰা সকাহ দিব পাৰে।