Health
আপুনি বুট মাহ খাই ভাল পাই নেকি? সাৱধান! বুট-মাহ খাই মৃত্যু এটি ছয়বছৰীয়া কণমানিৰ
নিউজ ডেক্স, ৩০ মে
দক্ষিণ কামৰূপৰ সানপাৰাত বুটমাহত বিষক্ৰিয়াত আক্ৰান্ত এটি শিশুৰ মৃত্যু। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কৃষ্টিলিনা দাস নামৰ এটি ৬ বছৰীয়া শিশু। মিৰ্জাৰ কামৰূপ জাতীয় বিদ্যালয় প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল কৃষ্টিলিনা দাস। তিনিদিনৰ বুট মাহ খাই অসুস্থ হৈ পৰিছিল গাঁওখনৰ প্ৰায় ৪০ জনৰো অধিক লোক । চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অসুস্থ ব্যক্তি সকলক ৷ পুনৰ অসুস্থ হৈছিল আন বহু লোক ৷বৰ্তমানলৈ প্ৰায় ৭০ জন লোক অসুস্থ হৈ পৰে ।
গাঁওখনত উপস্থিত হৈছে জিলা পৰ্যায়ৰ চিকিৎসকৰ দল। গাঁৱতে প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰা হৈছে। জেঠমহীয়া নামৰ প্ৰসাদ খোৱাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল বহু লোক।