National

আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি’কোন কোন ছাত্ৰী বঞ্চিত হ’ব নিযুত মইনা আঁচনিৰ পৰা,মুখ্যমন্ত্ৰীৰ কেইবাটাও নতুন ঘোষণা

নিউজ ডেক্স, ৮ আগষ্টঃ
আজিৰে পৰা আনুষ্ঠানিকভাৱে ৰাজ্যত আৰম্ভ ‘নিযুত মইনা আঁচনি’। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধিনত ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন। আজি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি মুকলি কৰে। আঁচনিখনৰ বাবে অসম চৰকাৰে ৩০০ কোটি টকা ধাৰ্য কৰিছে। এই আঁচনিত অধীনত ৰাজ্যৰ ১০লাখ ছাত্ৰীয়ে এতিয়া প্ৰতিমাহে লাভ কৰিব ১০০০, ১২৫০ আৰু ২৫০০ টকাকৈ। প্ৰতিমাহে ১১ তাৰিখে এই ধন বেংক একাউণ্টত লাভ কৰিব ছাত্ৰীসকলে। সেইদৰে স্নাতক অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব। বি এডত অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ। এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব। আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে গৰমৰ বন্ধৰ সময়খিনিক বাদ দি বাকী আটাইকেইটা মাহত প্ৰতি মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। সেইদৰেই স্নাতকত অধ্যয়নৰত ছাত্ৰীসকলে অধ্যয়ন সমাপ্ত নোহোৱা পৰ্যন্ত এই আঁচনিৰ সুবিধা লাভ কৰিব।

কোনে-কোনে নাপাব নিযুত মইনা আঁচনিৰ ধন?
কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনুত্তীৰ্ণ হৈ থাকে তেন্তে তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব। আনহাতে এই আঁচনিৰ সুবিধা সেইসকল ছাত্ৰীয়েহে লাভ কৰিব যিসকলে স্কুটি নলয়। ৰাজ্য চৰকাৰে এই আঁচনিৰখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি স্কুটি আৰু নিযুত মইনাৰ যিকোনো এখন আঁচনিহে বাচি ল’ব লাগিব ছাত্ৰীয়ে। একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ নকৰিব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ নকৰে। উচ্চতৰ আৰু স্নাতক মহলাত অধ্যয়নৰত কোনো ছাত্ৰী যদি বিবাহিত তেন্তে সেই ছাত্ৰীয়েও এই আঁচনিৰ পৰা বঞ্চিত হ’ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি ১০ অক্টোবৰৰ ভিতৰত দিয়া হ’ব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আগন্তুক ৩ বছৰত এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব ৰাজ্যৰ ১০ লাখকৈ ছাত্ৰী।

মুখমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ‘‘ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান। নৱেম্বৰ-ডিচেম্বৰ মাহত চলিব বাল্য বিবাহ বিৰোধী অভিযান।’’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button