Political

আদালতৰ জামিন মঞ্জুৰৰ পিছতো ৰেহাই পোৱাত জটিলতা অৰবিন্দ কেজৰিৱালৰ,জামিন বাতিল কৰিলে কেজৰিৱালৰ

নিউজ ডেক্স, ২১ জুনঃ
বিপদমুক্ত নহয় অৰবিন্দ কেজৰিৱাল, আদালতৰ জামিন মঞ্জুৰৰ পিছতো ৰেহাই পোৱাত জটিলতা৷আজি জেলৰ পৰা ওলাই আহিব নোৱাৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডিৰ হস্তক্ষেপৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে তেওঁৰ জামিন মঞ্জুৰ নকৰে।আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিৱাল।
দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। বৰ্তমান তিহাৰ জে’লত বন্দী হৈ আছে কেজৰিৱাল। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ বাবে তেওঁক চৰ্তসাপেক্ষে কিছুদিনৰ বাবে জামিন দিয়া হৈছিল। সেই ম্যাদ শেষ হোৱাত পুনৰ তেওঁ তিহাৰ জে’ললৈ উভতিছিল।
উল্লেখ্য যে, কেজৰিৱালে বৃহস্পতিবাৰে জামিন লাভ কৰাৰ সময়তো ইডি য়ে ইয়াৰ বিৰোধিতা কৰিছিল। লগতে আদালতৰ পৰা ৪০ ঘণ্টাৰ সময় বিচাৰিছিল। যদিও আদালতে ইডি ৰ যুক্তি নাকচ কৰিছিল।
অৰবিন্দ কেজৰিৱালে লাভ কৰা জামিনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইডি। সেয়েহে হাইক’ৰ্টে শুনানি সম্পন্ন হোৱালৈ জামিনত স্থগিতাদেশ জাৰি কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ অৱকাশকালীন বিচাৰপীঠত এই গোচৰৰ শুনানি হ’ব। আদালতে জনাইছে, গোচৰটো প্ৰথমে হাইক’ৰ্টত শুনানি হ’ব। তাৰ পূৰ্বে নিম্ন আদালতৰ নিৰ্দেশ কাৰ্যকৰী নহ’ব।
উচ্চ ন্যায়ালয়ৰ শুনানিৰ পিছতহে স্পষ্ট হ’ব যে অৰবিন্দ কেজৰিৱালক আজি মুকলি কৰি দিয়া হ’ব নে নহয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button