National

আজি বিশ্ব চাইকেল দিৱস

নিউজ ডেক্স, ৩ জুনঃ
দুচকীয়া সহজে চলাব পৰা সৰ্বসাধাৰণৰ মাজত খুব পৰিচিত আৰু জনপ্ৰিয় বাহন খনে হ’ল চাইকেল। “চাইকেল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ এক প্ৰতীক”।ই সহনশীলতা, পাৰস্পৰিক বুজাবুজি আৰু শ্ৰদ্ধা বৃদ্ধি কৰাৰ লগতে সামাজিক সমাৱেশ আৰু সাংস্কৃতিক শান্তি প্ৰদান কৰে। প্ৰতিবছৰে বিশ্ব ত ৩জুন তাৰিখে বিশ্ব চাইকেল দিৱস পালন কৰা হয়। মূলতঃ চাইকেলৰ সুফল বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু দৈনন্দিন জীৱন নিৰ্বাহ সুস্থিৰ কৰা পদ্ধতিৰ প্ৰচাৰৰ বাবে এই দিৱস অনুষ্ঠিত কৰা হয়।

সমগ্ৰ বিশ্বতে আজি চাইকেল সাৰ্বজনীন সহজে আৰু কম দামতে পোৱা বাহন ৰূপে পৰিগণিত হৈছে। ইয়াৰ কাৰণ হৈছে কম খৰচী,নিকা , পৰিৱেশ সৈতে মিত্ৰতা আৰু ব্যয় ৰাহিকাৰিতা।ই পৰিৱেশ প্ৰদুষণ নকৰে আৰু কোনো ধৰণৰ প্ৰাকৃতিক শক্তি বা ইন্ধনৰ প্ৰয়োজন নোহোৱা কৈ চাইকেল চলাব পাৰি । পৃথিৱীৰ সৰ্ববৃহৎ চাইকেল খন নাম আছিল ফ্ৰাংকেন চাইকেল। কিন্তু পোন প্ৰথমে চাইকেল নিৰ্মাণ কৰিছিল ১৯৬০ চনত ফ্ৰান্সৰ দেশৰ দা ছিভৰাক নামৰ লোক এজনে। তাৰ পিছত ১৭৭৯ চনত জাৰ্মানী ত ভোলোচাইপিড নামৰ আন এখন যান নিৰ্মাণ হৈছিল। ইয়াৰ পিছত ইংলেণ্ডত জন ডেনিছ নামৰ এজন লোকে হবি হৰ্ছ অৰ্থাৎ ” চখৰ ঘোঁৰা” নামেৰে যান এখন নিৰ্মাণ কৰিছিল। কালক্ৰমত এনেদৰেই চাইকেলৰ ৰেহ-ৰূপ সলনি হ’ব ধৰিলে আৰু ১৮৮৫চনত এখন ৰোভাৰ নামৰ লগতে ১৮৮৮ চনত বয়েড ডান্ লপে বতাহ ভৰাব পৰা ফোঁপোলা টায়াৰ আৱিষ্কাৰ কৰে। এনে দৰেই চেইন,গিয়েৰ থকা আধুনিক বাইচাইকেল সৃষ্টি হ’ল।

কালক্ৰমত বিভিন্ন প্ৰকাৰ সলনি হৈ আগতকৈ অধিক উন্নত মানদণ্ডৰ চাইকেল ৰ নিৰ্মাণ হ’ল আৰু বৰ্তমানে প্ৰায় ৩কোটি চাইকেল বিশ্ব ত প্ৰতি বছৰে নিৰ্মাণ হয়। তদুপৰি চাইকেল বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় । যেনে: সামৰিক সেৱা আৰু শাৰীৰিক ব্যায়াম, চাইকেল চলোৱা প্ৰতিযোগিতা,দু:সাহসিক ক্ৰীড়া ইত্যাদি ত। লগতে চাইকেল দ্বাৰা মানুহে বহু ধৰণে উপকৃত হয়। প্ৰথম ই পৰিৱেশ প্ৰদুষণ নকৰে,২য় ইয়াক সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে, ৩য় চাইকেল চলোৱা ভাল শাৰীৰিক ব্যায়াম আৰু ডায়েবেটিচ ৰোগৰ ৰোগীয়ে দৈনিক ১ঘণ্টা চলালেও বহু সুফল প্ৰায় ইত্যাদি। কিন্তু বৰ্তমান সময়ত আমাৰ ইয়াত চাইকেল ব্যৱহাৰ কমি গৈছে আৰু বাহিৰৰ দেশত ইয়াৰজনপ্ৰিয়তা বৃদ্ধি পাইছে। যিহেতু ই আমাৰ বাবে যথেষ্ট উপকাৰী সেয়ে সময় পালে চাইকেল চলাওক আৰু সুস্থ থাকক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button