আজি বিশ্ব কাছ দিৱস

নিউজ ডেক্স, ২৩ মে’
প্ৰতি বছৰে ২৩ মে’ত উদ্যাপন কৰা হয় কাছ দিৱস ৷ কাছ এবিধ সৰীসৃপ প্ৰজাতিৰ প্ৰাণী। যি পানী আৰু মাটি উভয়তে বাস কৰে। পৃথিৱীৰ প্ৰাচীন প্ৰাণী সমূহৰ অন্যতম কাছৰ প্ৰায় ৫০০ প্ৰজাতি আছিল যদিও এতিয়া ইয়াৰ সংখ্যা ৩০০ৰ তললৈ আহিছে। কাছ, সম্পৰ্কত মানুহৰ মাজত সচেনতা বৃদ্ধিৰ লগতে প্ৰকৃতিৰ অন্যান্য জীৱৰ লগতে এই জীৱটোৰ প্ৰতিও সন্মান দেখুওৱা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত সচেতনতা বৃদ্ধি কৰাই ‘বিশ্ব কাছ দিৱস’-ৰ মূল লক্ষ্য। আমেৰিকাৰ পৰিৱেশ সংগঠন ‘American Tortoise Rescue’য়ে এই দিৱস পোনপ্ৰথমে পালন কৰিছিল। ২৩ মে’ৰ দিনটো ২০০০ চনৰ পৰা পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত পালন কৰি অহা হৈছে।
পৃথিৱীৰ প্ৰাচীন প্ৰাণী সমূহৰ অন্যতম কাছৰ প্ৰায় ৫০০ প্ৰজাতি আছিল যদিও এতিয়া ইয়াৰ সংখ্যা ৩০০ৰ তললৈ আহিছে। বিভিন্ন পৰিস্থিতিত নিজৰ শৰীৰৰ আভ্যন্তৰীণ তাপমাত্ৰাৰ পৰিৱৰ্তন কৰিব পৰা কাছৰ(Tortoise) উপৰিভাগক Carapace আৰু তলৰ অংশক Plastron বুলি কোৱা হয়। পৃথিৱীৰ অধিকাংশ দেশৰে নৈ, বিল, জান, জুৰি, পাহাৰত পোৱা বিশেষ প্ৰাণী বিধ ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ গতি কৰিছে। মানুহতকৈ বহু বেছি দিন বাছি থাকিব পৰা কাছৰ সংখ্যা দ্ৰুত হাৰত কমিবলৈ ধৰিছে। সাধাৰণতে কাছ ১০০ বছৰলৈ জীয়াই থকাৰ লগতে কোনো কোনো প্ৰজাতিৰ কাছ ১৫০ বছৰলৈকে জীয়াই থাকে। এজনী মাইকী কাছই এবাৰত ৩০টা পৰ্যন্ত কণী পাৰে। কণীৰ পৰা পোৱালী জগাবলৈ ৬০ৰ পৰা ১২০ দিন সময় লাগে।
পৃথিৱীৰ আটাইতকৈ পুৰণি কাছ হৈছে ‘জনাথন’ ৷ জনাথনৰ বয়স ১৯২ বছৰ। ১৮৩২ চনত জন্ম হৈছিল জনাথনৰ। জনাধন মানুহৰ প্ৰতিও যথেষ্ট আগ্রহী। মানুহৰ সংগ সি ভালপায়। জনাথনৰ জন্মৰ সময়ছোৱাৰ পৰা পৃথিৱীত বহুতো আৱিষ্কাৰ হৈছে যেনে কম্পিউটাৰ, বাণিজ্যিক বিমান, প্রথম স্কাই স্ক্রেপাৰ আদি। আইফেল টাৱাৰো নিৰ্মাণ কৰা হৈছিল।
জানিব পৰা মতে, জনাথনে ছানবাধ কৰিবলৈ বৰ ভাল পায়। কিন্তু গৰমৰ দিনবোৰত সি ছাঁত জিৰাই ভালপায়। বন্ধাকবি, তিঘ্নহ, গাজৰ, আপেল, কল, চালাড পাত আৰু ঋতুৰ অন্যান্য ফলবোৰ জনাথনৰ প্ৰিয়। অৱশ্যে বর্ধিত বয়সৰ বাবে জনাখনৰ দৃষ্টিশক্তি কমিছে। গোন্ধ লোৱাৰ শক্তিও তাৰ নাইকিয়া হৈছে। কিন্তু জনাথনে কাণেৰে ভালদৰে শুনে