National

আজি পৰ্যন্ত সন্ধান নাই নলাত উটি যোৱা শিশুটিৰ, পুত্ৰক বিচাৰি অভিযান পিতৃ নলাটোৰ কাষতে এখন দোকানৰ বাৰান্দাত পুত্ৰৰ আশাত ৰৈ থাকিল পিতৃ

নিউজ ডেক্স, ৬ জুলাইঃ

পুত্ৰক বিচাৰি মহানগৰীৰ জ্যোতিনগৰৰ নলাত পিতৃৰ উদ্ধাৰ অভিযান। নলাৰ কাষত চিঞৰি চিঞৰি কান্দিছে মাতৃয়ে- ‘অ… বাবু তোক ক’ত বিচাৰি পাম?’
৪ জুলাই বৃহস্পতিবাৰৰ নিশাৰ মূষলধাৰ বৰষুণজাক কাল হৈ নামিছিল জ্যোতিনগৰৰ এটা পৰিয়ালৰ বাবে। পিতৃৰ সৈতে স্কুটাৰত ঘৰলৈ উভতি গৈ থকাৰ সময়তে সংঘটিত হয় সেই অতিকে কৰুণ তথা হৃদয়বিদাৰক ঘটনাটো। যি ঘটনাই কেৱল গুৱাহাটী বাসীকে এতিয়া মৃয়মান কৰি তোলা নাই সমগ্ৰ ৰাজ্যবাসীয়ে মৃয়মান।
বৃহস্পতিবাৰে নিশা কৃত্ৰিম বানত উটি গৈছিল অবিনাশ সৰকাৰ নামৰ শিশুটি ৷ কৃত্ৰিম বানৰ মাজতে স্কুটীৰ পৰা পিছলি পৰি নলাত উটি গৈছিল অবিনাশ। শুকুৰবাৰে এছ ডি আৰ এফ বাহিনী-প্ৰশাসনে অভিযান চলাইছিল যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা না অবিনাশৰ। পুত্ৰক বিচাৰি নাপাই কান্দি কান্দি ভাগৰি পৰিছে পিতৃ। নিশাও নলাৰ কাষতে কটালে অবিনাশৰ পিতৃ হৰলাল সৰকাৰে। কান্দি কান্দি নলাটোলৈ চাই ওৰেনিশা বহি ৰ’ল পিতৃ। আশা, কিজানিবা পুত্ৰৰ কোনো সন্ধান ওলায়েই। কিন্তু নাই আজি শনিবাৰ পৰ্যন্ত কতো কোনো সন্ধান নাই ৮ বছৰীয়া অবিনাশ সৰকাৰৰ।

বিচাৰি বিচাৰি ভাগৰি পৰি নলাটোৰ পাৰতে বহি পৰিল তেওঁ। নলাটোৰ কাষতে এখন দোকানৰ বাৰান্দাত পুত্ৰৰ আশাত ৰৈ থাকিল তেওঁ। স্থানীয় লোকে তেওঁক এখন আঁঠুৱা আনি দিয়ে। আঁঠুৱাৰ তলতে বহি ৰ’ল তেওঁ। মাজে মাজে উঠি আহি চাইহি নলাটোলৈ। আজি পুনৰ অবিনাশৰ সন্ধানত প্ৰশাসনৰ অভিযান। স্নিফাৰ ডগ ব্যৱহাৰ কৰে অবিনাশৰ উদ্ধাৰ অভিযানত। প্ৰশাসনৰ উদ্ধাৰ অভিযানত অসন্তুষ্ট অবিনাশৰ পৰিয়ালে বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button