আজি দেশৰ ৯.৩কোটি কৃষকৰ একাউন্টত সোমাব PM কিষাণ নিধিৰ ধনতালিকাত আছেনে আপোনাৰ নাম? কি দৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা?

নিউজ ডেক্স, ১৮ জুনঃ
কৃষকৰ অপেক্ষাৰ অৱসান। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন। PM-KISAN Nidhi ১৭নং কিস্তিৰ ধন লাভ কৰিবে দেশৰ কোটি-কোটি কৃষকে। কেন্দ্ৰীয় চৰকাৰে দেশৰ কোটি-কোটি কৃষক বছৰে ৬০০০ টকাকৈ প্ৰদান কৰি আহিছে। প্ৰতিবছৰে ৩টা কিস্তিত প্ৰদান কৰি আহিছে এই ধন। কৃষকৰ আয় বৃদ্ধি কৰা, কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰা আৰু কৃষকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে কৃষকক এই ধন প্রদান কৰি আহিছে। ২০০০ টকাকৈ ৩টা কিস্তি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে এই ধন। ২৮ ফেব্ৰুৱাৰীত দেশৰ কৃষকসকলক PM-KISAN Nidhiৰ ১৬নং কিস্তিৰ ধন প্ৰদান কৰিছিল। আৰু ১৮ জুনত দেশৰ প্ৰায় ৯.৩ কোটি কৃষকে ২০০০ টকাকৈ লাভ কৰিব।
প্ৰতি বছৰে দিয়া তিনিটা কিস্তিৰ মাজত প্ৰথম কিস্তি দিয়া হয় এপ্রিল মাহত, দ্বিতীয় কিস্তি দিয়া হয় জুলাই মাহত আৰু তৃতীয় কিস্তি নৱেম্বৰত দিয়া হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত এই যোজনা আৰম্ভ কৰিছিল।
কিন্তু কিদৰে পৰীক্ষা কৰিব PM KISANৰ ১৭ নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত ধন সোমাইছে নে নাই?
প্রথমে www.pmkisan.gov.inত কৰক লগ ইন ৷তাৰ পিছত যাওক বেনিফিছাৰী লিষ্টলৈ৷ এই লিষ্টত আপুনি পাব এটা বিশেষ লিংক৷ লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম৷ তাৰ পিছতেই দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য৷ সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লীক কৰাৰ পিছতেই আহিব তালিকা৷ এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই৷ যদি কোনো কৃষকে এই স্কিমৰ বিষয়ে আৰু তথ্য বিচাৰে তেন্তে pmkisan- ict@gov.in-ত মেইল কৰিব পাৰে। ইয়াৰোপৰি কৃষকে হেল্পলাইন নম্বৰ 155261, 011-23381092 নম্বৰত যোগাযোগ কৰিব পাৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পি এম কিষাণ আঁচনিৰ কিস্তিৰ ধন দেশৰ কৃষকক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। উত্তৰ প্ৰদেশৰ বাৰাণসীত সন্ধিয়া প্রায় ৫ বজাত প্রধানমন্ত্রীয়ে কিষাণ সন্মান সন্মিলনত অংশগ্ৰহণ কৰিব।