National

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস,এইবৰ্ষৰ থীম‘‘আত্ম আৰু সমাজৰ বাবে যোগ’’যোগাসন কৰক আৰু সুস্থ থাকক

নিউজ ডেক্স, ২১ জুনঃ

প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়৷‘‘আত্ম আৰু সমাজৰ বাবে যোগ’’ শীৰ্ষক বিষয়বস্তু লৈ এইবাৰ আয়োজন কৰা হয় দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য। যোগে শৰীৰ, মন, আৰু আত্মাক একত্ৰিত কৰে ৷ ই স্বাস্থ্য আৰু মংগলৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী আগবঢ়ায় ৷ যাৰ জৰিয়তে মানুহৰ ব্যস্ত জীৱনলৈ শান্তি আনে ।
প্ৰথম আন্তৰ্জাতিক যোগ দিৱস ২১ জুন, ২০১৫ চনত পালন কৰা হৈছিল। সমগ্ৰ বিশ্বৰ লোকসকলক এই বিষয়ে সজাগ কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰতৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। যোগ হৈছে এক প্ৰাচীন ভাৰতীয় কলা, যি আমাৰ শৰীৰক সুস্থ কৰি ৰখাৰ লগতে আমাৰ মন সংযমী কৰি ৰখাত সহায় কৰে৷
বিশ্বৰ ১৭৭খন দেশে আজি পালন কৰিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।
অসমতো আজি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। গুৱাহাটী নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। জিলা প্ৰশাসন, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছনে আয়োজন কৰিছে এই অনুষ্ঠান। অনুষ্ঠানত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ গৰাকী লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া।


তেজপুৰত অনুষ্ঠিত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত প্লেটফৰ্মত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ দিশত ভাৰতৰ যোগ দিৱস পালন সমগ্ৰ বিশ্বৰ বাবে এক অনন্য উপহাৰ।’’


আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীনগৰৰ যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰীনগৰৰ SKICC হলত যোগৰ কাৰ্যসূচীৰ নেতৃত্ব লয় প্ৰধানমন্ত্ৰীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button