আজি অলিম্পিকত পদকৰ যুঁজত নামিব মীৰাবাঈ চানুঅলিম্পিকত আজি কি কি ইভেণ্টত খেলিব ভাৰতে?
নিউজ ডেক্স, ৭ আগষ্টঃ
আজি পেৰিছ অলিম্পিকত ভাৰতৰ দ্বাদশ দিন। ভাৰতীয় মহিলা টেবুল টেনিছ দলে কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে খেলিলে তেওঁলোকৰ আকৰ্ষণীয় জয়ৰ পুনৰাবৃত্তি হ’ব বুলি আশা কৰিব৷ জাৰ্মানীৰ বিৰুদ্ধে দিনৰ ১.৩০ বজাত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত। ভাৰোত্তোলনত যুঁজত নামিব মীৰাবাই চানুৱে। নিশা ১১ বজাত অনুষ্ঠিত হ’ব এই খেলখন। মীৰাবাই চানুৱেও দেশলৈ পদক কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। টকিঅ’ অলিম্পিকত জয় কৰিছিল ৰূপৰ পদক। আনহাতে, মিক্সড মাৰাথন ৱাকৰ ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত। পি গোস্বামী, এছ পানৱাৰ অৱতীৰ্ণ হ’ব ফাইনেলত।
মহিলাৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাত নামিব ভাৰতৰ অন্নু ৰাণীয়ে। গ’ল্ফৰ মহিলাৰ ব্যক্তিগত শাখাৰ প্ৰতিযোগিতাত খেলিব ভাৰতৰ অদিতি অশোকে। পুৰুষৰ হাই জাম্পৰ গ্ৰুপ বিত অংশ ল’ব এছ কুশেৰে। দিনৰ ১.৩৫ বজাত হ’ব পুৰুষত হাই জাম্প প্ৰতিযোগিতা। দিনৰ ২.০৯ বজাত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ ১০০ মিটাৰ হাৰ্ডেলছ অংশ ল’ব ভাৰতে। বিয়লি ৩.০৫ বজাত মহিলাৰ ৫৩ কিঃগ্ৰাঃ শাখাৰ ৰেষ্টলিঙত ভাৰতৰ যুঁজ। নিশা ১০.৪৫ বজাত পুৰুষৰ ত্ৰিপল জাম্পত অংশ ল’ব ভাৰতে।