National

আজিৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা, অম্বুবাচীলৈ যোৱাৰ আগত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সমূহ জানি লওক

নিউজ ডেক্স, ২২ জুনঃ
আজিৰে পৰা মহা অম্বুবাচী মেলা। উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকুত। ২২ জুন অৰ্থাৎ আজিৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। পুৱা ৮ বাজি ৩৫ মিনিট ১৪ ছেকেণ্ডত হ’ব অম্বুবাচী প্ৰবৃত্তি। আনহাতে, ইংৰাজী ২৫ জুন আৰু অসমীয়া ১০ আহাৰ মঙলবাৰে নিশা ৮ বাজি ৫৯ মিনিট ২৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ’ব। ইতিমধ্যে প্ৰতিবাৰৰ দৰে এইবাৰো মা কামাখ্যা ধামত ভিৰ কৰিছে অগণন ভক্তই। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল।
অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা আৰু চতুৰ্থদিনা শুদ্ধি বুলি এক লোক-পৰম্পৰা আছে। অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়। অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনোধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়। এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে। ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয়।

অম্বুবাচী মেলাক লৈ সাজু হৈছে মহানগৰীৰ আৰক্ষী-প্ৰশাসন। অম্বুবাচী মেলা সূচাৰূপে পৰিচালনা কৰিবলৈ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা। অম্বুবাচীক কেন্দ্ৰ কৰি জাৰি কৰা এই নিৰ্দেশনা অনুসৰি অম্বুবাচী মেলাৰ সময়ত নাথাকিব কোনো VIP পাছৰ ব্যৱস্থা। VIP সকলেও শাৰি পাতিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰেই ।
কামাখ্যা মন্দিৰলৈ যোৱা মূল পথেৰে জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো ধৰণৰ বাহন ওপৰলৈ যাব নোৱাৰিব। কেৱল পাণ্ডুৰ ফালৰ পৰা বিকল্প পথেৰে বাহন যাব পাৰিব। বিশেষ বাহনৰ ক্ষেত্ৰতহে অনুমতি থাকিব পাণ্ডুৰ ফালৰ পথটোও। নিশা ৮ বজাৰ পাছত আৰু কোনো ব্যক্তি কামাখ্যাৰ মূল তোৰণ থকা পথেৰে আৰু পাণ্ডুৰ পিনে থকা বিকল্প পথেৰে নিশা ৯ বজাৰ পাছত কোনো ওপৰলৈ উঠিব নোৱাৰিব। কেৱল নামিব পাৰিব। এইবাৰ অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব পাণ্ডু ঘাটত। ইয়াতেই অতিথিৰ বাবে থাকিব কেম্প। ইয়াৰোপৰি কামাখ্যা ষ্টেচনৰ বিপৰীত দিশেও থাকিব কেম্প।

উল্লেখযোগ্য যে, কামাখ্যা ধামত অম্বুবাচী মেলালৈ অহা দৰ্শনাৰ্থীসকল জোতা-চেণ্ডেল সকলোবোৰ তলতেই ৰাখি যাবৰ বাবে অনুৰোধ কৰা হৈছে। ফ্লাইঅভাৰৰ তলতেই জোতা থোৱা ব্যৱস্থা কৰা হৈছে। সকলোকে তাত জোতা চেণ্ডেল ৰাখি আহিবলৈ আহ্বান। খালী ভৰিৰে পাহাৰৰ ওপৰলৈ উঠিব লাগিব দৰ্শনাৰ্থী। ৰ’দ বেছি হ’লে সময়ে সময়ে ৰাস্তাত পানী মাৰি দিয়া হ’ব আৰু কাৰ্পেট পাৰি দিয়াৰ ব্যৱস্থাও কৰা হ’ব। ৰে’ল ষ্টেশ্যনৰ পৰা বাছৰ দ্বাৰা পাণ্ডু প’ৰ্টলৈ দৰ্শনাৰ্থী অনা হ’ব। আনহাতে যিসকল লোকে ভক্তৰ বাবে খাদ্য বিলাব বিচাৰে তেওঁলোকে য’তে মন তাতেই খাদ্য বিলাব নোৱাৰিব। লগাব নোৱাৰিব য’তে মন তাতেই ভাণ্ডাৰ। ইয়াৰ বাবে থাকিব নিৰ্দষ্ট ঠাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button