আজমলৰ দূৰ্গতেই আজমলক পৰাস্ত কৰি দেশৰ ভিতৰত সৰ্বাধিক ব্যৱধানত জয়ী ৰকিবুল হুছেইন, ৰকিবুল হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
নিউজ ডেক্স, ৫ জুনঃ
বহু উৎকণ্ঠাৰ শেষত ৪ জুন অৰ্থাৎ মঙলবাৰে ঘোষণা হ’ল দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলত অভিলেখ গঢ়িলে অসমৰ কংগ্ৰেছী নেতা ৰকিবুল হুইছেন৷ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰে। আনহাতে, ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ মূল প্ৰতিদ্বন্দ্বী AIUDFৰ মঃ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯টা ভোট আৰু অগপৰ জাবেদ ইছলামে ৪,৩৮,৫৯৪টা ভোট লাভ কৰে।
উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টি AIUDFৰ বদৰুদ্দিন আজমলক দূৰ্গৰূপে পৰিচিত। AIUDFৰ এই পতনে ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰাৰ্থীৰ তালিকাত ভাৰতৰ ভিতৰতে প্রথম স্থানত থকাক লৈ বর্তমান চৌদিশে চর্চিত হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ ব্যৱধানেৰে শীৰ্ষত থাকে৷
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁৰ ভাষণ প্ৰসংগত কয় যে, “আজিৰ দিনটোৰ নায়ক ৰকিবুল হুছেইন। গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনৰ কথা আলোচনা কৰক।”