National

অৱশেষত এক হ’ল অনন্ত ৰাধিকা, বিবাহপাশত আবদ্ধ হ’ল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট

নিউজ ডেক্স, ১৩ জুলাইঃ

প্ৰতীক্ষাৰ অৱসান। বিবাহপাশত আবদ্ধ হ’ল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট। ভাৰতবৰ্ষৰ ইতিহাস হয়তো খুচৰি চালে পোৱা নাযাব এনে এখন বিয়া। এইখনেই হয়তো সকবাতোকৈ দীঘল বিয়া, যি বিগত ৭ মাহ ধৰি চলি আছিল। এতিয়াও অন্ত নপৰা এখন বিয়া । বিয়া হৈ গলেও কাইলৈ ১৪ তাৰিখে আছে শেষৰটো অনুষ্ঠান। কাইলৈ ১৪ জুলাই তাৰিখে অনুষ্ঠিত হব বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। এই ৰাজকীয়া বিয়াত উপস্থিত থাকে সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ ৰথী-মহাৰথীসকল। ভিৰ কৰিলে বলীউদৰ তাৰকাসকলেও।

২০২৩ চনৰ ১৯ জানুৱাৰীত এণ্টিলিয়াতে ঘনিষ্ঠ মহলৰ উপস্থিতিত আঙুঠি পিন্ধোৱা পৰ্ব হৈছিল অনন্ত-ৰাধিকাৰ। সেই অনুষ্ঠানত অনন্ত আম্বানীয়ে পৰিধান কৰিছিল উজ্জ্বল নীলা ৰঙৰ কুৰ্তা-পাইজামা আৰু গাঢ় ৰঙৰ জেকেট। ৰাধিকাই পৰিধান কৰিছিল সোণালী লেহেংকা।

বিগত সপ্তাহত মুম্বাই আম্বানী পৰিয়ালৰ বাসভৱনত এণ্টিলিয়াত মামেৰু অনুষ্ঠানেৰে আৰম্ভ হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ অনুষ্ঠান৷ । ১২ জুলাইত শুভ বিবাহ’ বা মূল বিবাহ আছিল। অনুষ্ঠানৰ ড্ৰেছ কোড ভাৰতীয় পৰম্পৰাগত পোছাক আছিল। ১৩ জুলাইত আজি ‘শুভ আশীৰ্বাদ’, নৱদম্পতীক আশীৰ্বাদ কৰিব আম্বানী আৰু মাৰ্চেণ্টৰ পৰিয়ালে। এই দিনটোত ড্ৰেছ কোড ভাৰতীয় আনুষ্ঠানিক পোছাক। ১৪ জুলাইত হ’ব ‘মংগল উৎসৱ’ বা বিয়াৰ ৰিচেপশ্যন, এই দিনটোত ড্ৰেছ কোড ৰখা হৈছে ইণ্ডিয়ান ছিক। সকলো অনুষ্ঠান অনুষ্ঠিত হ’ব বিকেচিৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত।

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং উদযাপনৰ আন এটা অংশ আছিল সমূহীয়া বিবাহৰ আয়োজন। সমাজৰ বাবে কিবা এটা কৰাৰ লক্ষ্যৰে উদ্যোগপতি মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীয়ে নৱী মুম্বাইত এক সমূহীয়া বিবাহৰ আয়োজন কৰিছিল। সমাজৰ প্ৰায় সকলো সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ সমূহৰ পৰা অহা ৫০ যোৰ দম্পতীৰ বিয়া হৈছিল এই অনুষ্ঠানত। নৱ-দম্পতীৰ বাবে উপহাৰৰ তালিকাত আছিল সোণৰ গহণা যেনে নাকফুলি, বিয়াৰ আঙঠি, মংগলসূত্ৰ আদি। লগতে আছিল ভৰিৰ বাবে ৰূপৰ আঙঠি আৰু নুপূৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button