অহা ৫ বছৰত ৭৫ হাজাৰ মেডিকেল আসন বৃদ্ধি কৰা হ’ব,যুৱ প্ৰজন্মলৈ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ
নিউজ ডেক্স, ১৫ আগষ্টঃ
সমগ্ৰ দেশে পালন কৰিছে ৭৮সংখ্যক স্বাধীনতা দিৱস। দিল্লীৰ লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত এয়া প্রথমটো স্বাধীনতা দিৱসৰ ভাষণ প্ৰধানমন্ত্ৰী মোদীৰা দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন ৷ লালকিল্লাৰ পৰা ক্ৰমাগতভাৱে ১১ বাৰৰ বাবে স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰীয়ে। জাতীয় পতাকা উত্তোলনৰ পাছতেই দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে নৰেন্দ্ৰ মোদীয়ে৷
প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা যুৱক-যুৱতীসকলৰ বাবে এক নতুন প্ৰতিশ্ৰুতি দিলে। প্রতি বছৰে ভাৰতৰ পৰা ছাত্ৰসকলে ডাক্তৰী পঢ়িবলৈ বাহিৰলৈ গৈ আছো এতিয়া ১০ বছৰত আমি মেডিকেল কলেজৰ সংখ্যা বঢ়াই ১ লাখ কৰিছো। আগন্তুক ৫বছৰত মেডিকেল কলেজসমূহত ৭৫ হাজাৰ নতুন আসন তৈয়াৰ হ’বা শিশুসকলৰ বাবে জাতীয় পুষ্টি মিছনো নতুনকৈ আৰম্ভ হ’বা
প্রাকৃতিক দুর্যোগত প্ৰাণ হেৰুওৱা নাগৰিকৰ প্ৰতি শোকপ্রকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ মহিলাসকলে শক্তি প্ৰদৰ্শন কৰিছে। আনহাতে, ৰাজ্য চৰকাৰক মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ পৰামৰ্শ দিয়ে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিৰুদ্ধে তদন্ত শীঘ্ৰে কৰিব লাগে। মোদীয়ে কয় যে কন্যাৰ ওপৰত অত্যাচাৰ হৈ আছে। দোষীক মনত ভয়ৰ সৃষ্টি কৰা উচিত।
‘ প্রধানমন্ত্রীয়ে লগতে কয়, ‘বিশ্বত ভাৰতৰ মৰ্যাদা বাঢ়িছে। আমি কেৱল ৰাজনীতিৰ বাবেই সংস্কাৰ কৰা নাই। আমাৰ ওচৰত জাতীয় স্বার্থই সর্বোচ্চ। আমাৰ ভাৰত যাতে মহান তেনেকৈয়ে সংকল্প গ্রহণ কৰি আমি পদক্ষেপ লৈ আহিছো। কৰোনাত সকলোতকৈ দ্রুত টিকাকৰণ ভাৰতত হৈছে। পূর্বে শত্রুসকলে আহি সেনাক মাৰি গুচি যাঊ পাৰিছিল। এতিয়া সেনাই ছার্জিকেল স্ট্রাইক কৰে, এয়াৰ ট্ৰাইক কৰে। ভাৰতীয়সকলে এতিয়া এইবোৰক লৈ গর্ববোধো কৰো ইয়াৰোপৰি জলজীৱন মিছনো আগবাঢ়িছে দেশতা’