Uncategorized

অসম সন্তানৰ সফলতা! পুনৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ

নিউজ ডেক্স,৩১ মে’

অসম সন্তানৰ সফলতা।ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত পুনৰ অসমৰ উমা ছেত্ৰী৷দলটোৰ টেষ্ট, এদিনীয়া, T20 সংস্কৰণৰ বাবে নিৰ্বাচিত হৈছে উমা ছেত্ৰী৷ উমা ছেত্ৰীৰ ব্যক্তিগত প্ৰশিক্ষক মেহবুব আলমে জনালে এই কথা৷

বৰ্তমান মুম্বাইত মূল দলটোৰ সৈতে যোগদান বোকাখাতৰ জীয়ৰী উমাৰ৷এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈ উমা। উমাই আগৰ মেচ সমূহত ভাল প্ৰদৰ্শন দেখুওৱাবলৈ সক্ষম হৈছে। নিজৰ প্ৰতিভাৰ বলত তথা নিজৰ একাগ্ৰতাৰে উজলি উঠিবলৈ সক্ষম হৈছে অসম তথা বোকাখাতৰ সুদক্ষ জীয়ৰী গৰাকীয়ে।১৬ জুনৰপৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’ব লগীয়া শৃংখলাৰ বাবে নিৰ্বাচিত উমা ছেত্ৰী

চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতীয় দলৰ অংশ আছিল উমা। এগৰাকী প্ৰতিভাসম্পন্ন তথা ভাল খেলুৱৈ হিচাপে উমা জিলিকি উঠক। ভাৰতৰ তথা অসমৰ নাম উজ্বলাই তোলক। খেলুৱৈ গৰাকীলৈ জনালো অফুৰন্ত মৰম আৰু শুভেচ্ছা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button