অসমৰ ৰাজ্যপাল ৰূপে শপত গ্ৰহণ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
নিউজ ডেক্স, ৩০ জুলাইঃ
অসমৰ ৰাজ্যপালৰূপে শপতগ্ৰহণ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণ অনুষ্ঠান হৈ যায়।এই অনুষ্ঠানত বিভিন্ন জন ব্যক্তিৰ সৈতে উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । সোমবাৰে অসমত উপস্থিত হৈছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য।
উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই কৰালে শপত বাক্য পাঠ।32 সংখ্যক অসমৰ ৰাজ্যপাল ৰূপে লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শপত গ্ৰহণ ।অসমৰ লগতে মণিপুৰৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিব লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।ছিকিমৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহন কৰি আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।
২০১৫ চনৰ পৰা ২০২৩চনলৈ উত্তৰ প্ৰদেশৰ বিধানসভাৰ জনপ্ৰতিনিধি আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য।১০ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি ঘোষণা। অসমৰ পূৰ্বৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক পাঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ প্ৰশাসক হিচাপে দায়িত্ব দিয়া হৈছে।
অসমৰ পৰা বিদায় লোৱাৰ পূৰ্বে তেওঁ কয় যে অসমৰ মানুহ বৰ মৰমীয়াল। অসমৰ মানুহে মোক বহুতো মৰম দিলে। অসমৰ অৰ্থনৈতিক বিকাশ আগতকৈ উন্নত হ’বলৈ ধৰিছে। মোৰ কাৰ্যকালৰ সময়ত যি দায়িত্ব দিয়া হৈছিল। সেই দায়িত্ব পালন কৰিবৰ চেষ্টা কৰিলোঁ। মই আনন্দিত মোৰ দায়িত্ব মই পালন কৰিলো।অসম শান্তি – সমৃদ্ধিশালী হওঁক।