National

অসমৰ ভূমিত টাটাই নিৰ্মাণ কৰিব ছেমি কণ্ডক্টাৰ প্ৰকল্প;৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীৰ ভাল খবৰ

নিউজ ডেক্স, ৩ আগষ্টঃ
অসমৰ ঔদ্যোগিক খণ্ডৰ বাবে আজি এক ঐতিহাসিক দিন ৷ জাগীৰোডত সম্পন্ন হ’ল টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন প্ৰক্ৰিয়া। এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সৈতে ভূমি পূজন কৰিলে টাটা সঞ্জয়ৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰে। জাগীৰোডৰ কাগজ কলৰ ভূমিত আৰম্ভ কৰা হ’ব ছেমি প্ৰকল্প কণ্ডক্টাৰৰ। ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব এই প্ৰকল্পটোৰ। ২০২৬ৰ এপ্ৰিলৰ আগতে মুকলি কৰা হ’ব প্ৰকল্পটো। ২৭ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব প্ৰকল্পৰ কাম। ভূমিপূজন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত টাটা গ্ৰুপক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয় যে, ‘এহাজাৰ শিক্ষাৰ্থীক প্ৰশিক্ষণ দিব টাটা গ্ৰুপে। প্ৰশিক্ষণৰ অন্তত প্ৰকল্পটোত সংস্থাপন পাব শিক্ষাৰ্থীসকলে। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে ৪৮ নিযুত চিপ্ছ উৎপাদন হ’ব। প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে। এই প্ৰকল্প নিৰ্মাণত ব্যয় হ’ব ২৭ হাজাৰ কোটি টকা। টাটা গ্ৰুপক ৬০ বছৰৰ বাবে লীজত দিয়া হৈছে ৫১৭.২৭ বিঘা ভূমি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button