Education

অসমত স্থাপন হ’ব আই আই এম

নিউজ ডেক্স, ৩ জুনঃ

অসমক পূব ভাৰতৰ এক শিক্ষা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস তথা অৰ্থনৈতিক চাহিদা পূৰণৰ ক্ষেত্ৰত সহায় হোৱাকৈ গুৱাহাটী মহানগৰীৰ সমীপত স্থাপন হ’ব আই আই এম। দেশৰ উচ্চ শিক্ষাৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান হিচাপে গঢ়ি উঠিব আই আই এম। অসম তথা সমগ্ৰ উত্তৰ-পূবৰ বাবে এয়া এক আনন্দৰ বতৰা।এই কথা সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে।

উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে কেন্দ্ৰই অসমৰ বাবে এখন আই আই এম স্থাপনত অনুমোদন দিছিল যদিও নিৰ্দিষ্ট সময়ৰ ভিতৰত ভূমিৰ ব্যৱস্থা কৰিব নোৱাৰা বাবে কেন্দ্ৰই মেঘালয় চৰকাৰক গতাই দিছিল। কিন্তু এইবাৰ ৰাজ্য চৰকাৰে প্ৰস্তাৱিত আই আই এম খনৰ বাবে নিৰ্দিষ্ট ভূমি খণ্ডৰ ব্যৱস্থা কৰা কথা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ক জনাইছিল। সেই মৰ্মে কামৰূপ জিলাৰ অন্তৰ্গত আৰু গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পলাশবাৰী সমষ্টিৰ মাৰাভিঠা অঞ্চলটোত আই আই এম খন স্থাপন হোৱাটো নিশ্চিত কৰে। ৫৭৪ বিঘা ১ কঠা ১২ লেচাযুক্ত ভূমি খণ্ড ভি জি আৰ শ্ৰেণীৰ অন্তৰ্গত। আৰু তাতেই স্থাপন হ’ব আই আই এম।

দেশত নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ সময়ত আৰু ফলাফল ঘোষণাৰ পূৰ্বে অসমৰ জনতালৈ প্ৰধানমন্ত্ৰীৰ এক উপহাৰ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। ইতিমধ্যে আই আই টি, এইমছ, নেচনেল ল স্কুল আৰু আই আই এম থকা কেইখনমান চহৰৰ ভিতৰত এতিয়া গুৱাহাটীয়েও স্থান পাব। প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ পিছত গুৱাহাটীত হ’ব লগীয়া আই আই এম খনৰ ক্ষেত্ৰত যাৱতীয় পৰামৰ্শ আগবঢ়াব আই আই এম আহমেদাবাদে।এয়া অসমৰ বাবে এক যুগান্তকাৰী পদক্ষেপ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button