অম্বুবাচী মেলালৈ প্ৰশাসনৰ বিশেষ নীতি-নিৰ্দেশনা

নিউজ ডেক্স, ১৪ জুনঃ
উখল -মাখল নীলাচলৰ বুকু। নীলাচল পাহাৰত অৱস্থিত অসমৰ এক পৰিচিত তীৰ্থধাম কামাখ্যা।কামাখ্যা ধামত অনুষ্ঠিত হ’ব প্ৰতিবছৰ দৰে এইবাৰো অম্বুবাচী মেলা।২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা। প্ৰতিটো বৰ্ষৰ দৰেই এইবাৰো সুচাৰুৰূপে মেলা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে জিলা প্ৰশাসনৰ লগতে মন্দিৰ পৰিচালনা সমিতি।
অম্বুবাচী মেলালৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত সমৱেত হয়। কামাখ্যাত এবাৰ মাৰ দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ ভক্তৰ দূৰ – দূৰণিৰ পৰা আগমন হয়।
এইবাৰ অম্বুবাচী মেলাত নাই কোনো VIP সুবিধা।আন ভক্ত সকলৰ দৰে সকলোৱে দৰ্শন কৰিব লাগিব কামাখ্যা ধাম।VIPয়েও দৰ্শন কৰিব লাগিব সাধাৰণ দর্শনাৰ্থীৰ দৰে।সন্ধিয়া ৮বজাত বন্ধ কৰি দিয়া হ’ব কামাখ্যালৈ যোৱা পথ ।নিশা বন্ধ কৰি দিয়া হ’ব পাণ্ডু ঘাটৰ পৰা অহা পথ।
অম্বুবাচী মেলাক লৈ কামাখ্যা ধামত ব্যাপক প্ৰস্তুতি।মাজত মাত্ৰ কেইটামান দিন। ২২ জুনত পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি।এই সময়ৰ পৰা ২৬ জুনলৈ বন্ধ থাকিব মুখ্য দুৱাৰ।২৬ জুনত ৰাতিপুৱা ভাগত নিত্য পুজা সম্পন্ন হোৱাৰ পিছত খুলিব মুখ্য দুৱাৰ। মেলালৈ প্ৰতিবছৰে আগমন হয় বিভিন্ন সাধু, সন্ন্যাসী আৰু ভক্তগণৰ।