অনিয়মিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ ক্ষোভ
নিউজ ডেক্স, ৩১ মে
ৰাজ্যত বিগত কিছুদিনত অনিয়মীয়া বিদ্যুৎ যোগান আৰু আৰু বিদ্যুতৰ মাছুল বৃদ্ধি পাইছে। শেহতীয়াকৈ ৰাজ্যত উৎকট গৰমৰ ফলত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। গৰমৰ প্ৰকোপত এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা অৱস্থা সৃষ্টি হৈছিল।তাৰ মাজতে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ অতপালি পৰিলক্ষিত হৈছিল। ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ নাথাকে।
আচলতে কি হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ? দিনৰ বেছি সময় কাৰেণ্টৰ কোনো ব্যৱস্থা নাথাকে তাৰ বিপৰীতে কাৰেণ্টৰ বিল আহে হিচাপত কৈ অধিক। যাৰ ফলত সৰ্ব সাধাৰণ ৰাইজে জীয়াতু ভুগিছে। বহু সময়ত সাধাৰণ খাটি খোৱা মানুহৰ হাজাৰৰ ওপৰত বিল অহা দেখা যায়। য’ত কাৰেণ্টৰ নামত তেওঁলোকে লাইট বা ফেন খন চলোৱাৰ বাদে আন কামত হয়তো ব্যৱহাৰ নহয়। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত যেতিয়া বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়লৈ যোৱা যায় তেতিয়া মিটাৰৰ সমস্যা, নতুন মিটাৰ লগাব লাগিব আদি বিভিন্ন অজুহাত দেখুৱাই গা সামৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে। আৰু সাধাৰণ ৰাইজ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়োতে দিন পাৰ হয় কিন্তু সমস্যাৰ সমাধান নহয় ।
বিগত সময়ছোৱাত বিদ্যুৎ বিভাগৰ এনে কাণ্ড তথা অনিয়মিত যোগানৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ, জিলাৰ আছুৰ কৰ্মী তথা সমৰ্থক সকলে শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মৰাণ, শিৱসাগৰ, তিতাবৰ, যোৰহাটকে আদি কৰি বিভিন্ন ঠাইত কাৰ্যসূচী ৰূপায়নৰ লগতে বিদ্যুৎ মাছুল হ্ৰাস কৰা, বিদ্যুৎ সেৱাৰ যোগান নিয়মীয়া কৰা আদি কাৰ্যসূচী পালন কৰে। বিভিন্ন শ্ল’ গান , ধৰ্ণা আদি কাৰ্যসূচীৰে উঠি পৰি লাগিছে বিদ্যুৎ বিভাগৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই।