অনলাইনত অৰ্ডাৰ কৰিছিল সামগ্রী,সামগ্ৰীবিধৰ সৈতে ওলাই আহিল এডাল জীৱন্ত সাপ

নিউজ ডেক্স, ১৯ জুনঃ
যদি আপুনি অনলাইন শ্বপিং তেন্তে সাৱধান হ’ব। বিশেষকৈ পেকেটটো খোলাৰ সময়ত, অন্যথা আপোনাৰ জীৱন বিপদত পৰিব পাৰে। এটা এনে ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, যিটো চাই আপোনাৰো উশাহ বন্ধ হৈ যাব। । অৰ্ডাৰ কৰা পেকেট খোলৰ পূর্বেই পেকেটৰ পৰা এলাই আহিল এবিধ এনে, যি দেখি চক খাই গ’ল সামগ্ৰী অৰ্ডাৰ কৰোতা।
বেংগালুৰুৰ এহাল দম্পতীয়ে এমাজনৰ পৰা সামগ্ৰী অৰ্ডাৰ কৰিছিল আৰু অৰ্ডাৰ অহাৰ পাছতে তেওঁলোকে বাকচটো খুলিবলৈ ধৰে। কিন্তু খোলাৰ পূৰ্বেই পেকেটোৰ পৰা এডাল কোব্রা সাপ ওলাই আহে ৷
সৌভাগ্যৰ কথা যে, অৰ্ডাৰ বক্সটো খুলি থাকোঁতে ইয়াৰ এটা ভিডিঅ’ বনাই আছিল দম্পতীহালে, যাতে বাকচৰ পৰা কেনে সামগ্রী ওলাই সেয়া ভিডিঅ’ কৰি ৰাখিব পাৰে। যাৰ ফলতেই সাপডাল ভিডিঅ’ত স্পষ্ট ৰূপত দেখা পোৱা যায়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেংগালুৰুৰ চাৰ্জাপুৰ ৰোডত বাস কৰা ছফ্টৱেৰ অভিযন্তাজনে কৈছিল যে তেওঁ আমাজন অনলাইন শ্বপিং এপৰ পৰা এক্সবক্স নিয়ন্ত্ৰকক অৰ্ডাৰ দিছিল, কিন্তু যেতিয়া অৰ্ডাৰ বক্সটো আহি খুলিবলৈ আৰম্ভ কৰিছিল, কোব্রা সাপটো ইয়াৰ ভিতৰৰ পৰা ওলাই আহিছিল। এইটো দেখি তেওঁৰ পত্নী ভয় খাই পৰিছিল, কিয়নো সাপটো পেকেজিঙৰ টেপত লাগি আছিল, সেয়েহে ই কামুৰিব নোৱাৰিলে।
ভুক্তভোগী দম্পতীহালে তেওঁলোকৰ সামাজিক মাধ্যম একাউণ্টত সম্পূৰ্ণ বিৱৰণৰ সৈতে ভিডিঅ’টো পোষ্ট কৰিছিল। ভিডিঅ’টোৰ সৈতে লিখিত অভিযোগ কোম্পানীৰ বিষয়াজনক ইমেইল কৰা হৈছিল। ইয়াৰ পিছত, কোম্পানীটোৱে তেওঁৰ পোষ্টৰ উত্তৰ দিছিল। কোম্পানীটোৱে লিখিছিল যে আপুনি আমাজনৰ অৰ্ডাৰৰ সৈতে হোৱা অসুবিধাৰ বিষয়ে জানি দুঃখিত। কোম্পানীটোৱে বিষয়টো তদন্ত কৰিব।